ভাৰতত যি কল্পনাও কৰিব নোৱাৰি, ব্ৰিটেইনত সেয়াই হ'ল...

ভাৰতত যি কল্পনাও কৰিব নোৱাৰি, ব্ৰিটেইনত সেয়াই হ'ল...
ভাৰতত যি কল্পনাও কৰিব নোৱাৰি, ব্ৰিটেইনত সেয়াই হ'ল...

ডিজিটেল ডেস্কঃ ভাৰতত তেনে কাৰ্য কল্পনাও কৰিব নোৱাৰি। যি কাৰ্য সংঘটিত হ'ল ব্ৰিটেইনত। যদু-মধু নহয়, স্বয়ং প্ৰধানমন্ত্ৰীক বিহিলে জৰিমনা। সাধাৰণ দৃষ্টিত অপৰাধ তেনেই সাধাৰণ। অথচ সেই সাধাৰণ অপৰাধৰ পৰাও সাৰি নগ'ল প্ৰধানমন্ত্ৰী।

আইন ভংগ অথবা আইন নমনাটো ভাৰতৰ ৰাজনৈতিক নেতাৰ বাবে তেনেই সাধাৰণ কথা। ৰাজনৈতিক নেতাই নহয়, নেতাৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নেতাৰ ঘনিষ্ঠ হিচাপে নিজকে প্ৰচাৰ কৰা একাংশ পালিনেতায়ো আইন ভংগ কৰি ফিতাহি মৰাৰ উদাহৰণ ভাৰতৰ কথা বাদেই অসমতেই বহু আছে।

উদাহৰণ আছে পিতৃ আৰক্ষী বিষয়া, শীৰ্ষ প্ৰশাসনিক বিষয়া অথবা ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ হোৱাৰ সুৱাদতেই একাংশ উদণ্ডই আইন ভংগ কৰাৰ। এনে লোকসকলে আইন ভংগ কৰি ক্ষমা বিচৰাটো দূৰৰে কথা বৰঞ্চ আইন ৰক্ষাকাৰীৰ ওপৰতহে বৰ মতা দেখুৱাই।

এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব নোৱাৰে শাস্তিমূলক ব্যৱস্থা। এনে পৰিস্থিতিত ভাবকচোন ভাৰতৰ দৰে এখন দেশৰ প্ৰধানমন্ত্ৰীক কোনোবা এখন ৰাজ্যৰ, কোনোবা এখন জিলাৰ, কোনোবা এখন ঠানাৰ আৰক্ষীয়ে জৰিমনা বিহাটো সম্ভৱ নে?

ভাৰতত এই কাৰ্য অসম্ভৱ হলেও ব্ৰিটেইনৰ দৰে ৰাষ্ট্ৰত কিন্তু সেয়াই সম্ভৱ। কিয়নো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীও সাৰি নগ'ল আৰক্ষীৰ পৰা। আইন অমান্য কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল ঋষি সুনাক। কেৱল ক্ষমাই নহয় ভৰিলে জৰিমনাও।   

ব্ৰিটেইনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক লৈ চৰ্চাৰ শেষ নাই। এইবাৰ চৰ্চাৰ কাৰণ- ঋষি সুনাকে ভৰিবলগীয়া হ'ল জৰিমণা। কিয়নো পৰিধান কৰা নাছিল চিট বেল্ট।

ঋষি সুনাকে বাহনৰ পিছফালে বহি চিট বেল্ট পৰিধান নকৰাকৈ ইনষ্টাগ্ৰামত এক ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে লণ্ডন আৰক্ষীয়ে বিহিলে জৰিমনা। অৱশ্যে আইন ভংগ কৰি অনুতপ্ত ঋষি সুনাক।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিছে আৰু নিৰ্ধাৰিত জৰিমনা আৰক্ষীক জমা দিছে বুলি উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in