এইবাৰ ৭ দিনীয়া গণৰাজ্য দিৱস ! VIPৰ বিপৰীতে শ্ৰমিক, ৰিক্সাচালক বহিব প্ৰথমশাৰীৰ আসনত...

এইবাৰ ৭ দিনীয়া গণৰাজ্য দিৱস ! VIPৰ বিপৰীতে শ্ৰমিক, ৰিক্সাচালক বহিব প্ৰথমশাৰীৰ আসনত...
এইবাৰ ৭ দিনীয়া গণৰাজ্য দিৱস ! VIPৰ বিপৰীতে শ্ৰমিক, ৰিক্সাচালক বহিব প্ৰথমশাৰীৰ আসনত...

ডিজিটেল ডেস্কঃ সমাগত গণৰাজ্য দিৱস। পূৰ্বতকৈ এইবাৰ পৃথক হ'ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী।

এইবাৰ মুঠ ৭ দিনকৈ অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ কাৰ্যাসূচী। ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৩০ জানুৱাৰীত অন্ত পৰিব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। উল্লেখ্যে যে, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ পৰাই আৰম্ভ হ'ব এইবাৰৰ গণৰাজ্য দিৱস। আৰু এই দিৱসৰ সকলো কাৰ্যসূচী অন্ত পৰিব মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনটোত।

ইয়াৰোপৰি এইবাৰ গণৰাজ্য দিৱসত ভি আই পিৰ আসনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বিপৰীতে গণৰাজ্য দিৱসৰ দিনটোত দিল্লীৰ কৰ্তব্য পথত একেবাৰে শ্ৰথম শাৰীত বহাৰ সুযোগ লাভ কৰিব ৰিক্সা চালক, শাক-পাচলি বিক্ৰেতা আৰু শ্ৰমিকসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in