অব্যাহত থাকিব ইউক্ৰেইনলৈ আগবঢ়োৱা সামৰিক সহায় : ঋষি চুনাক

অব্যাহত থাকিব ইউক্ৰেইনলৈ আগবঢ়োৱা সামৰিক সহায় : ঋষি চুনাক

ডিজিটেল ডেস্ক :  ব্ৰিটেইনৰ নৱ নিযুক্ত প্ৰধান মন্ত্ৰী ঋষি চুনাকে সোমবাৰে এক সংবাদ মেলৰ জৰিয়তে ইউক্ৰেইনলৈ আগবঢ়াব সহায়ৰ হাত । ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ৯ মাহ অতিক্ৰম কৰাৰ পাছত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন । ক্ৰমান্বয়ে হ্ৰাস পাই অহা সামৰিক শক্তিৰে যেন ৰাছিয়াক প্ৰতিহত কৰা অসম্ভৱ ইউক্ৰেইনৰ বাবে । তেনে সময়তেই ইউক্ৰেইনলৈ সামৰিক শক্তি প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে ব্ৰিটেইনে ।অৱশ্যে এই কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰিবলৈ এতিয়াও বাকী কিছু মূহুৰ্ত ।সোমবাৰে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী ঋষি চুনাকে প্ৰকাশ কৰিব এই সিদ্ধান্ত । 

উল্লেখ্য যে, ব্ৰিটেইনৰ আভ্যন্তৰীণ ৰাজনীতি অত্যন্ত অস্থিৰ হৈ থকাৰ পাছতো ব্ৰিটেইন অটল এই সিদ্ধান্তত ।আনহাতে, ৰাছিয়াৰ প্ৰধান মন্ত্ৰী পুটিনে এই যুদ্ধত ইউক্ৰেইনৰ সমৰ্থনত অইন দেশৰ আগমণে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি সকিয়নী দিয়াৰপাছতেই দুৰ্বল হৈ পৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বাৰংবাৰ বিশ্বক সকিয়াই দিছিল সাম্ভাৱ্য তৃতীয় বিশ্বযুদ্ধৰ ভয়াৱহ পৰিনতি ।তেনেস্থলত নাটো বাহিনীৰ বাহিৰে আন কোনো সহায়ৰ অপেক্ষা ইউক্ৰেইনৰ বাবে আকাশত চাং পতা হে হ'ব বুলিও মন্তব্য দিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ।     

স্মৰ্তব্য যে, ৰাছিয়াই বাৰংবাৰ যুদ্ধনীতি উলংঘা কৰি ইউক্ৰেইনৰ জন বসতি পূৰ্ণ এলেকাসমূহত মিছাইল নিক্ষেপ কৰি অহা সময়তেই ৰবিবাৰে যুদ্ধনীতি অনুসৰি ৫০ জন ৰাছিয়ান যুদ্ধবন্দীক মুকলি কৰি দিয়ে ইউক্ৰেইনে ।এই কাৰ্যৰ প্ৰভাৱ হয়তো অতি শীঘ্ৰেই জনা যাব আগন্তুক সময়ত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in