তুৰস্কৰ যুদ্ধসদৃশ পৰিস্থিতিত মানুহে পাহৰিছে নেকি ছিৰিয়াৰ বেদনা ?

তুৰস্কৰ যুদ্ধসদৃশ পৰিস্থিতিত মানুহে পাহৰিছে নেকি ছিৰিয়াৰ বেদনা ?

ডিজিটেল ডেস্ক : বিধ্বংসী ভূমিকম্পই কপাই গৈছিল দুখনকৈ দেশক । তুৰস্ক আৰু ছিৰিয়া । হেজাৰ হেজাৰ লোকৰ মৃত্যু হোৱাৰ ওপৰিও গৃহহীন হৈছিল লক্ষাধিক লোক । কেইবা ঘন্টাও আৱদ্ধ হৈ আছিল দুৰ্ভগীয়া লোকসকল ধ্ৱংসস্তূপৰ মাজত । এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান । কিন্তু তাৰ মাজতেই কিন্তু বিশ্ববাসীয়ে তুৰস্কৰ উদ্ধাৰ অভিযানৰ মাজতেই যেন আংশিকভাৱে পাহৰি পেলালে ছিৰিয়াক । তুৰস্কৰ দক্ষিণ অঞ্চলত উদ্ধাৰ অভিযানত ব্যস্ত সহস্ৰাধিক উদ্ধাৰকৰ্মী । কিন্তু ছিৰিয়াৰ উত্তৰ অঞ্চলত এই সংখ্যা প্ৰায় শূণ্য ।

তুৰস্কত প্ৰতি মুহুৰ্ততেই চিকিৎসা কৰ্মী, সেনা, স্নিফাৰ ড'গ পৰিলক্ষিত হ'ল ৰাজপথত, কিন্তু ছিৰিয়াত আই এছ আই এছৰ গুলীত নিহত হ'ল ১১ জনকৈ লোক । এয়াই তফাৎ দুয়োখন দেশৰ মাজত । ছিৰিয়াত মৃত্যৰ তাণ্ডৱ নতুন কথা নহয় । সকলো সময়তেই আসন্ন মৃত্যুৱে খেদি ফুৰে নাগৰিক সকলক । ৰাজপথত কোন মুহুৰ্তত ইৰাণৰ সেনাই হত্যা কৰিব সেই আশংকাতেই দিন কটাই লোকসকলে ।

যি সময়ত তুৰস্কৰ ৰাজপথত ২৪ ঘন্টাই শুনা গ'ল এম্বুলেন্সৰ চাইৰেন, উদ্ধাৰকৰ্মীৰ চিঞৰ, একে সময়তেই কিন্তু নিজম নিটাল ছিৰিয়াৰ ধ্বংসস্থলী । চিৰিয়াত এতিয়া উদ্ধাৰকাৰীৰ হাতত কেৱল আওপুৰণি কোদাল আৰু কোৰ, আনহাতে তুৰস্কত অত্যাধুনিক সামগ্ৰীৰে চলিছে অভিযান ।

চিকিৎসকৰ নামত কেৱল কেইজনমান স্পেনিছ চিকিৎসক, তাৰ বাহিৰে কোনো দেশে ছিৰিয়ালৈ পঠিওৱা নাই কোনো সাহায্য । কেৱল ৩৫০ গৰাকী আঘাতপ্ৰাপ্তই হে এতিয়ালৈ লাভ কৰিছে চিকিৎসা সেৱা । যি সময়ত সাধাৰণ দিনতেই দেশখনত নাই পৰ্যাপ্ত চিকিৎসা সেৱা তেনেস্থলত কিদৰে দুৰ্যোগৰ সময়ত কোনো সহায় আগবঢ়াব পাৰিব এই সকল লোকে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in