তিতাবৰত নিশা ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত ২

দেওবাৰে নিশা তিতাবৰ বছাবাৰী অঞ্চলত সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন ব্যক্তি থিতাতে নিহত হয়।
তিতাবৰত নিশা ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত ২

ডিজিটেল সংবাদ, তিতাবৰঃ দেওবাৰে নিশা তিতাবৰ বছাবাৰী অঞ্চলত সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন ব্যক্তি থিতাতে নিহত হয়। জানিব পৰা মতে নিশা এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি তিতাবৰৰ পৰা বৰহোলা দিশে চাৰিজন বন্ধু AS 01BN9217 নম্বৰৰ HONDA BRIO গাড়ীৰে আহি থকা অৱস্থাত গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই বচাবাৰী অঞ্চলৰ এজোপা গছত খুন্দা মাৰে।

উক্ত দুৰ্ঘটনাটোত পতিত হৈ পেচাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী তিতাবৰ বৰহোলা নগাবাট অঞ্চলৰ কল্যাণ হাজৰিকা আৰু পেচাত এজন সুদক্ষ ক্ৰিকেট এম্পেয়াৰ তিতাবৰ জ্যোতি নগৰ নিবাসী পার্থ দত্ত থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনাটোত সহযাত্ৰী আন দুগৰাকী বন্ধু গুৰুতৰভাৱে আহত হৈ JMCH ত চিকিৎসাধীন হয়। নিশাই এম্বুলেন্স যোগে দুৰ্ঘটনাত পতিত সকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

আৰু পঢ়ক: স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in