/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/395711be-bf24-4bc5-8073-8d694d447a01/pablo_escobar.jpg)
ডিজিটেল ডেস্ক : ৭০-৮০ৰ দশকত সমগ্ৰ পাশ্চাত্যত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰে কুখ্যাতি অৰ্জা পাবল' এস্কোবাৰৰ কাহিনী নজনা মানুহ হয়তো বহু কম । এইগৰাকী কলম্বিয়ান ড্ৰাগছ সম্ৰাটৰ ওপৰত ইতিমধ্যে বিভিন্ন তথ্যচিত্ৰ, ৱেব ছিৰিজ পৰ্যন্ত নিৰ্মাণ কৰা হৈছে সমগ্ৰ বিশ্বতেই । নেটফ্লিক্সৰ বিখ্যাত "নাৰ্ক'জ" শীৰ্ষক ৱেব ছিৰিজটোও এইগৰাকী ড্ৰাগছ সম্ৰাটৰ ওপৰতেই ।
১৯৯৩ চনত কলম্বিয়ান আৰক্ষীৰ গুলিতেই নিহত হৈছিল এইগৰাকী পাবল' এস্কোবাৰ । কিন্তু মৃত্যুৰ ইমান বছৰ পাছত কিয় আকৌ সংবাদৰ শিৰোনাম দখল কৰিলে এই গৰাকী কুখ্যাত ড্ৰাগছ মাফিয়াই ?
পাবল' এস্কোবাৰে ড্ৰাগছৰ জৰিয়তে আৰ্জন কৰা ক'লা ধনৰ পৰিমাণ আছিল প্ৰায় ৩০ বিলিয়ন আমেৰিকান ডলাৰ । এই বৃহৎ ধন খৰচ কৰিবলৈও আজৱ পন্থা হাতত লৈছিল এস্কোবাৰে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন আজৱ জীৱ-জন্তু ক্ৰয় কৰিছিল এস্কোবাৰে ।
ইয়াৰে ভিতৰত আছিল আফ্ৰিকাৰ পৰা অনা জলহস্তীৰ এটা দল । কিন্তু ১৯৯৩ চনত ড্ৰাগছ সম্ৰাট গৰাকীৰ মৃত্যুৰ পাছত মালিকবিহীন হৈ পৰিল জলহস্তী কেইটা । তেতিয়াৰ পৰা আফ্ৰিকাত ইতিমধ্যে খৰাং,বানপানী, খাদ্যৰ নাটনিত ভূগি অহা জলহস্তী কেইটাই সুপৰিৱেশত বংশবৃদ্ধি কৰি এতিয়া প্ৰায় ১৫০ টা হ'ল গৈ । যি এতিয়া কলম্বিয়া চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে বিভিন্ন কাৰণত । এই জলহস্তীৰ দলটো হৈছে আফ্ৰিকাৰ বাহিৰত জলহস্তীৰ সৰ্ববৃহৎ দল ।
এতিয়া এই জলহস্তী কেইটাৰ ৬০টাক স্থানান্তৰ কৰা হ'ব ভাৰতলৈ । আৰু ১০ টা স্থানান্তৰ কৰা হ'ব মেক্সিকোলৈ । যাৰ বাবে কলম্বিয়া চৰকাৰক প্ৰয়োজন হ'ব প্ৰায় ৩.৫ মিলিয়ন আমেৰিকান ডলাৰৰ ।
উল্লেখ্য যে, এই স্থানান্তৰৰ জৰিয়তে কলম্বিয়া চৰকাৰেও সকাহ পাব আৰু জলহস্তী কেইটাও সুৰক্ষিত হৈ থাকিব বুলি আশাবাদী দেশখন ।
Also Read: বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই