
ডিজিটেল ডেস্ক : মাতৃস্নেহ লাভ কৰা কোনো লোকেই কাহানিও পাহৰিব নোৱাৰে সেই আদৰসনা মাত আৰু মমতা । কেৱল লোকেই নহয়, জীৱজগতৰ কাৰো পক্ষেই সম্ভৱ নহয় এয়া । সেই কথাকেই পুনৰ এবাৰ প্ৰমাণিত কৰিলে তুৰস্কৰ বিধ্বংসী ভূমিকম্পৰ মাজত ১০ দিন আৱদ্ধ হৈ থকাৰ পাছত উদ্ধাৰ হোৱা যুৱকে । ১০ টাকৈ দিন ধ্বংসস্তূপৰ মাজত থাকি খোজ কাঢ়িব পৰা অৱস্থাত নাছিল মুস্তাফা নামৰ যুৱক গৰাকী । চিকিৎসালয়লৈ ষ্ট্ৰেচাৰত লৈ অনা অৱস্থাত ফোনত কথা পাতিছিল পৰিয়ালবৰ্গৰ সৈতে । কান্দি কান্দি প্ৰশ্ন কৰিছিল মাতৃৰ খবৰ ।
সামাজিক মাধ্যমত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিল তুৰস্কৰ স্বাস্থ্যমন্ত্ৰী ফাহৰেটিন কোচাই । তাৰ পাছতেই সমগ্ৰ বিশ্বতেই বিয়পি পৰিল ভিডিঅ'টো । প্ৰচণ্ড বিষ, ভোকে কোঙা কৰি পেলোৱাৰ পাছতো যুৱক গৰাকীৰ প্ৰথম চিন্তা মাতৃ । এয়াই হৈছে জন্মদাতা মাতৃৰ প্ৰতি থকা প্ৰেমৰ নিদৰ্শন ।