কৰ্তন হ'ব নেকি চাকৰি ? বন্ধ টুইটাৰৰ দিল্লী-মুম্বাইস্থিত কাৰ্যালয়

কৰ্তন হ'ব নেকি চাকৰি ? বন্ধ টুইটাৰৰ দিল্লী-মুম্বাইস্থিত কাৰ্যালয়

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতেই চলিছে চাকৰি কৰ্তন কৰাৰ প্ৰতিযোগিতা । বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ গৰিষ্ঠ সংখ্যক লোকেই হেৰুৱাব লগীয়া হ'ল চাকৰি । এই ক্ষেত্ৰত সকলোৰে ওপৰত টুইটাৰ । টুইটাৰৰ মুৰব্বী এলন মাস্কে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই কৰ্তন কৰিছিল টুইটাৰৰ যথেষ্ট সংখ্যক লোকৰ চাকৰি । ইমেইল যোগেই কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন হোৱা বুলি জনাই সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল এলন মাস্ক । তাৰ পাছতেই একেই প্ৰথা আকোৱালি লৈছিল গুগলে ।

এতিয়া টুইটাৰৰ দিল্লী-মুম্বাইস্থিত কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ এলেন মাস্কৰ । ভাৰতৰ টুইটাৰৰ তিনিটা কাৰ্যালয় আছে । তৃতীয়টো আছে বেংগালুৰুত । দিল্লী-মুম্বাইস্থিত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ঘৰলৈ যাবলৈ নিৰ্দেশ এলন মাস্কৰ । বিগত বছৰলৈ ভাৰতত টুইটাৰৰ অধীনত ২ শতাধিক কৰ্মচাৰী আছিল যদিও ৯০ শতাংশৰো অধিকৰ চাকৰি কৰ্তন কৰা হৈছে এতিয়ালৈকে । বেংগালুৰুত থকা কৰ্মচাৰীসকলৰ অধিক সংখ্যকেই অভিযন্তা । যাৰ ফলতেই হয়তো সাৰি যাব প্ৰতিষ্ঠানটো ।

আৰু পঢ়ক : ক'ত গ'ল চ'কবজাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in