হেজাৰ হেজাৰ লোকৰ আৱেগ নীলা-বগা জাৰ্ছীটো...

কাটাৰ বিশ্বকাপৰ প্ৰথম খনি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব আৰ্জেন্টিনা-ক্ৰ'ৱেছিয়া
হেজাৰ হেজাৰ লোকৰ আৱেগ নীলা-বগা জাৰ্ছীটো...

ডিজিটেল ডেস্ক : এটি চুটি-চাপৰ কিন্তু গোণা ম'হৰ দৰে শক্তিশালী ল'ৰাই প্ৰতিপক্ষৰ বেহু ফালি ফুটবলটো উলিয়াই লৈ গৈছিল অনায়াসে । প্ৰচণ্ড শক্তিশালী খেলুৱৈ জনৰ ওচৰ চপাৰ পূৰ্বেও ভাবিব লগীয়া হয় প্ৰতিপক্ষৰ ডিফেণ্ডাৰে । সেই খেলুৱৈজনৰ শৰীৰত আছিল এটি নীলা-বগা জাৰ্ছী । পৰৱৰ্তী সময়ত ফুটবলৰ ৰাজকুমাৰ ৰূপে পৰিচিত হ'ল খেলুৱৈ জন । এইয়া আছিল ৮০'ৰ দশকৰ প্ৰত্যেকজন ফুটবল প্ৰেমীৰ বাবে এক পৰিচিত ছবি । খেলুৱৈ জন আছিল মাৰাডোনা ।

সেই মাৰাডোনাৰ দেশতেই জন্ম লাভ কৰিছিল আন এজন যাদুকৰে । মাৰাডোনাৰ পৰৱৰ্তী কালত সেই একেই ফুটবলৰ উন্মাদনা আৰ্জেন্টিনাক উপহাৰ দিছিল খেলুৱৈজনে । অৱশ্যে কেৱল আৰ্জেন্টিনাই নহয় বৰং সমগ্ৰ বিশ্বৰ বাবেই খেলুৱৈজন যাদুকৰ হে আছিল । কিন্তু মাৰাডোনাৰ দৰে এইজন খেলুৱৈৰ শিৰত নাই বিশ্বকাপৰ খিতাপ জয়ৰ মুকুট । এই মুকুট বিহীন সম্ৰাটৰ এইখন অন্তিম বিশ্বকাপ । কেৱল এইজনেই নহয়, বিগত দুটা দশক ধৰি ফুটবল অনুৰাগীক মুগ্ধ কৰি অহা আন বহু কেইজন খেলুৱৈৰ এইয়া আছিল অন্তিম খন বিশ্বকাপ । তেনেস্থলত যাদুকৰ মেছিৰ বাবে যেন প্ৰত্যেক খন খেলেই অন্তিম খেল ।

আজি নিশা এই মেছি বাহিনী বিশ্বকাপৰ ছেমি ফাইনেলত সন্মুখীন হ'ব ক্ৰ'ৱেছিয়াৰ । ক্ৰ'ৱেছিয়াৰ শক্তিশালী ৰক্ষণবেহু ভেদ কৰি গ'ল দিব নোৱাৰিলে ছেমি ফাইনেলত স্তব্ধ হ'ব আৰ্জেন্টিনা । আনহাতে, ৰক্ষণ বিভাগত সামান্যতম সুৰুঙা এৰি দিয়া মানেই বাহিৰ হ'ব ক্ৰ'ৱেছিয়া । এই খেল যেন আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ । তাৰ মাজতেই কোনো এক দলে মাৰিব বিজয়ী হাঁহি ।

কিন্তু এই সকলোৰে মাজত, কেকোৰা চুলিৰে গোণা ম'হৰ দৰে বিপক্ষৰ পেনাল্টী বক্সৰ ভিতৰলৈ বলটো লৈ অহা মাৰাডোনাৰ পৰা চাৰিজনকৈ ডিফেণ্ডাৰক নিজৰ ছন্দত নছুৱা মেছিলৈ, দৰ্শকৰ আৱেগ কেৱল নীলা-বগা জাৰ্ছীটো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in