অইল ইণ্ডিয়াৰ পাইপ লাইনৰ বাবে তহিলং দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান...

অইল ইণ্ডিয়াৰ পাইপ লাইনৰ বাবে তহিলং দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল ডেস্ক : ২০২১ বৰ্ষৰ ৯ জুনত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল দিহিং-পাটকাইক । কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ এই পৰিচয়েও যেন স্বস্তিৰ নিশ্বাস ল'বলৈ দিয়া নাই দিহিং-পাটকাইক । আৰু কেৱল ৰাষ্ট্ৰীয় উদ্যানখনেই নহয় বৰং দিহিং-পাটকাইত থকা বিভিন্ন বনৰীয়া জীৱ-জন্তুৱেও একেই আশংকাত ভূগিছে । কিয়নো প্ৰত্যেক দিনেই ন ন প্ৰকল্পৰ আধাৰত কাটি তহিলং কৰা হৈছে দিহিং-পাটকাইক ।

শেহতীয়াকৈ অইল ইণ্ডিয়াৰ এক প্ৰকল্পৰ বাবে খাৰুৱা তেলৰ পাইপ লাইন স্থাপন কৰাৰ নামত কটা হ'ল প্ৰায় ৮০০ জোপা গছ । ৰাজ্যখনৰ বন বিভাগ, যি দিহিং-পাটকাইৰ সুৰক্ষাৰ দ্বায়িত্বত ন্যস্ত আছিল সেই বিভাগটোৱে ব্যক্তিগত প্ৰতিষ্ঠান এটিৰ প্ৰকল্পৰ নামত ৰাষ্ট্ৰীয় উদ্যান এখনৰ গছ কটাৰ ক্ষেত্ৰত নল'লে কোনো বিহিত ব্যৱস্থা । আনহাতে, ডিগবৈৰ পৰা দুলীয়াজানৰ মধুবনলৈ দুডালকৈ পাইপ লাইনৰ ষ্ঠাপন ইতিমধ্যেই সম্পন্ন হৈছে । পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া জীৱ জন্তু, চৰাই চিৰিকটি সমূহে কৰিডৰৰূপে ব্যৱহাৰ কৰি অহা অঞ্চলটিত প্ৰভাৱ পেলাব বুলিও আশংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ।

আনহাতে, চলিত বৰ্ষৰ ১৬ মাৰ্চত শাসনাধিষ্ঠ চৰকাৰৰ এক জৰীপৰ অন্তত ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৩.৪৩ হেক্টৰ ভূমি এই পাইপ লাইন স্থাপনৰ বাবে মুকলি কৰি দিয়াৰ সমৰ্থনত ৰায়দান কৰিছিল চৰকাৰ খনে । অৱশ্যে তাৰ বাবে পাইপ লাইন স্থাপন কৰা প্ৰতিষ্ঠানটিয়ে প্ৰকল্পটিৰ নামত ব্যয় কৰিব সিদ্ধান্ত লোৱা ধনৰ ২ শতাংশ উদ্যানখনৰ উন্নয়নৰ বাবে জমা দিব লাগে প্ৰশাসনক । কিন্তু এই ধনেৰে ক্ৰমাৎ নি:শেষ হৈ অহা এখন ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰা সম্ভৱ হ'ব নে ?

উল্লেখ্য যে, পূবৰ আমাজন অৰণ্য বুলি খ্যাতি লাভ কৰা দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি লাভ কৰাৰ দুবছৰৰ ভিতৰতেই এনে ধৰণৰ সংকটৰ সন্মুখীন হোৱাৰ পাছত এতিয়া প্ৰশ্ন হয় ইয়াৰ ভৱিষ্যত সন্দৰ্ভত । ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি লাভ নকৰা হ'লে কেনে এক সংকটৰ সন্মুখীন হ'ল হৈ দিহিং-পাটকাই !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in