বিশ্বকাপৰ পিচত কাটাৰৰ লক্ষ্য অলিম্পিক

বিশ্বকাপৰ পিচত কাটাৰৰ লক্ষ্য অলিম্পিক

ডিজিটেল ডেস্ক : ফুটবল বিশ্বকাপৰ সফল আয়োজনেৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল কাটাৰে । এই বৃহৎ সাফল্যই যেন দেশখনৰ মনোবল দুগুণ বৃদ্ধি কৰিছে । কেৱল বিশ্বকাপতেই ক্ষান্ত নাথাকি এইবাৰ অলিম্পিকলৈ লক্ষ্য কাটাৰৰ । অলিম্পিকৰ দৰে বৃহৎ ক্ৰীড়া সমাৰোহেৰে সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিব বিচাৰে দেশখনে ।

উল্লেখ্য যে, আগন্তুক ২০২৩ বৰ্ষত পুনৰ কাটাৰলৈ উভতি আহিব ফৰ্মুলা ১ প্ৰতিযোগিতা, ২০২৫ চনত বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হ'ব কাটাৰত ।  আনহাতে, ২০২১৩ বৰ্ষতে অনুষ্ঠিত হ'ব এছিয়ান ক্লাব ফুটবল চেম্পিয়নশ্বিপ । ২০২৪ বৰ্ষত অনুষ্ঠিত হ'ব বিশ্ব সাঁতোৰ চেম্পিয়নশ্বিপ ।

২০২৫ বৰ্ষতেই ঘোষণা কৰা হ'ব ২০৩৬ বৰ্ষৰ অলিম্পিক আয়োজনকাৰী দেশৰ নাম । এই তালিকাত স্থান পাবলৈ কাটাৰে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ কমিটি ।

উল্লেখ্য যে, কাটাৰৰ দৰে দেশ এখনৰ বাবে সবাতোকৈ বৃহৎ উপাৰ্জনৰ উৎস হৈছে পৰ্যটন উদ্যোগটো । কিন্তু মৰুৰ মাজৰ ক্ষুদ্ৰ দেশ এখনৰ প্ৰতি একেখিনি পৰ্যটকে একাধিকবাৰ আগ্ৰহ প্ৰকাশ কৰিবনো কিয় ! তেনেস্থলত কাটাৰক সহায় কৰিব এই ক্ৰীড়া সমাৰোহ সমূহে । কেৱল ফিফা বিশ্বকাপৰ পৰাই কাটাৰে আৰ্জন কৰিলে ৭ বিলিয়ন ডলাৰৰো অধিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in