ৰাজ্যত বন্ধ দুখীয়াৰ বাবে চাকৰি সংৰক্ষণৰ ব্যৱস্থা

ৰাজ্যত বন্ধ দুখীয়াৰ বাবে চাকৰি সংৰক্ষণৰ ব্যৱস্থা

ডিজিটেল ডেস্ক : হিতাধিকাৰী আঁচনিৰে সমগ্ৰ ৰাজ্যক নিৰ্বাচনৰ সময়ত টোপ দি ৰাজ্যবাসীক কৰ্মবিমুখ কৰি তোলা চৰকাৰে গ্ৰহণ কৰিলে আন এক হঠকাৰী সিদ্ধান্ত । এতিয়াৰে পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তিত ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে কোনো পদ সংৰক্ষণ নাথাকিব । দেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়কো অমান্য কৰি অসম চৰকাৰে আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ।

এই সিদ্ধান্তৰ সৈতেই ৰাজ্য চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলৰ নামত লোৱা দুমুখীয়া স্থিতি স্পষ্ট হৈ পৰে । যি সময়ত ৰাজ্যত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে অৰুণোদয় জাতীয় আঁচনি ৰূপায়ণৰ লগতে আন তেনে আঁচনি সমূহত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি মন ভুলোৱাৰ পদক্ষেপেৰে ৰাজকোষ উদং কৰি আনিছে সেই সময়তেই আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ নিযুক্তিৰ ক্ষেত্ৰত বাহাল থকা সংৰক্ষণ স্থগিত ৰাখি প্ৰকৃত স্বৰূপ উদঙাই দিছে চৰকাৰখনে ।    

সোণোৱাল চৰকাৰৰ দিনত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে মুঠ ১০ শতাংশ আসন সংৰক্ষিত আছিল কিন্তু বৰ্তমান এই ১০ শতাংশ সংৰক্ষণ ব্যৱস্থাত নিষেধাজ্ঞা বলৱৎ কৰা হৈছে । অৱশ্যে এতিয়ালৈকে চৰকাৰী বিভাগসমূহে যিসমূহ পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে সেই সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই সিদ্ধান্ত ।          

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত দেশৰ প্ৰতিখন ৰাজ্যই চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়াত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে ১০ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । কিন্তু দেশৰ আন আন ৰাজ্যত এই সিদ্ধান্ত বাহাল থকাৰ পৰিৱৰ্তে অসম চৰকাৰে একপক্ষীয়ভাৱে এনে সংৰক্ষণত নিষেধাজ্ঞা আৰোপ কৰে । এই সিদ্ধান্ত লোৱাৰ আঁৰৰ মূল কাৰণটোৱেই হ'ল তীব্ৰ অৰ্থনৈতিক সংকট । চৰকাৰ প্ৰতিষ্ঠা কৰিয়েই বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৰাজকোষ উদং কৰি পেলোৱা চৰকাৰে এই ১০ শতাংশ আসন খাৰিজ কৰা মানেই ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে স্তব্ধ হৈ পৰিব সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া । যাৰ ফলত মুখ্যমন্ত্ৰীৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়া মন্ত্ৰীগৰাকীৰ ইচ্ছামৰ্মে সম্পূৰ্ণ হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in