কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ প্ৰাক্তন নৌসেনালৈ সামান্য সকাহঃ বাতিল ফাঁচীৰ নিৰ্দেশ !

কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ প্ৰাক্তন নৌসেনালৈ সামান্য সকাহঃ বাতিল ফাঁচীৰ নিৰ্দেশ !

author-image
Asomiya Pratidin
New Update
কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ প্ৰাক্তন নৌসেনালৈ সামান্য সকাহঃ বাতিল ফাঁচীৰ নিৰ্দেশ !

কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ প্ৰাক্তন নৌসেনালৈ সামান্য সকাহঃ বাতিল ফাঁচীৰ নিৰ্দেশ !

ডিজিটেল ডেস্কঃ কাটাৰত চোৰাংচোৱাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতৰ ৮ প্ৰাক্তন নৌসেনালৈ সামান্য সকাহ। কাটাৰ প্ৰশাসনে স্বীকাৰ কৰিছে ভাৰতৰ আৱেদন।

Advertisment

উল্লেখ্য যে, ২০২২ চনৰ আগষ্টতে কাটাৰত গ্ৰেপ্তাৰ হৈছিল ভাৰতৰ ৮ গৰাকীকৈ প্ৰাক্তন নৌসেনাৰ কৰ্মী। ইয়াৰ পাছতে কাটাৰৰ আইন অনুসৰি তেওঁলোকৰ অপৰাধৰ বিচাৰ পক্ৰিয়া আৰম্ভ হয়।

শেহতীয়াকৈ কাটাৰৰ আইন অনুসৰিয়েই তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। ইয়াৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্য। নৌসেনকৰ্মীসকলৰ পৰিয়ালৰ লোকে তেওঁলোকক উদ্ধাৰৰ বাবে আহ্বান জনাই আহিছে।

তাৰ মাজতে ভাৰত চৰকাৰ বৈদেশিক মন্ত্ৰণালয়ে কাটাৰ চৰকাৰক এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোৰ ফাঁচীৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনায়।

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি কাটাৰ প্ৰশাসনে ভাৰত চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাইছে। এই আৱেদন গ্ৰহণ কৰিছে কাটাৰৰ ন্যায়ালয়ে। তেওঁলোকে পুনৰ ৮ গৰাকী প্ৰাক্তন নৌসেনাৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰি ফাঁচীৰ পৰিৱৰ্তে আন শাস্তি প্ৰদান কৰাৰ সম্ভাৱনা আছে।

Also Read: আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...

কাটাৰ