আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...
আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...

আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব উৎপল শৰ্মাক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব শংকৰজ্যোতি বৰুৱাক। আছুৰ মৰিগাঁৱত অনুষ্ঠিত হোৱা অষ্টাদশ অধিৱেশনৰ বিষয় বাছনি সভাত এই গুৰুদায়িত্ব দুয়োকে প্ৰদান কৰা হৈছে।

আছুৰ পূৰ্বৰ সভাপতি দীপাংক কুমাৰ নাথে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰাৰ পাছতে উৎপল শৰ্মাক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল। তাৰ পাছৰ পৰাই উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই সংগঠনটোৰ গুৰু দায়িত্ব পালন কৰি আহিছিল। মৰিগাওঁ অধিৱেশনত এই দুয়ো নেতাক পুনৰ এটা কাৰ্যকালৰ বাবে এই গুৰু দায়িত্ব প্ৰদান কৰা হয়।

সংগঠনটোৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে উৎপল শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া দি কয়, ''নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি যাম। এই মুহূৰ্তত অসমবাসী ৰাইজৰ অভিভাৱকত্ব, আশীৰ্বাদ কামনা কৰিছো। মৰিগাওঁবাসী ৰাইজলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকে বুকুৰ ওম দি সংগঠনটোক জীপাল কৰি ৰাখিলে। অষ্টাদশ অধিৱেশন সম্পূৰ্ণ কৰি তুলিলে। এতিয়াৰে পৰা দায়িত্ব বাঢ়িছে। এই মুহূৰ্তত জাতীয় ছহিদসকলৰ ত্যাগক স্মৰণ কৰিছো। অসমীয়া ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো যাতে জনসাধাৰণে বিচৰাধৰণে খিলঞ্জীয়া জনসাধাৰণৰ সপক্ষে থাকি কাম-কাজ কৰি যাব পাৰো। শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ কাম কৰি যাব পাৰো। ইয়াৰ বাবে ৰাইজৰ, শিক্ষাগুৰুসকলৰ, জ্যেষ্ঠজনৰ আশীৰ্বাদ কামনা কৰিছো।

আনহাতে দ্বিতীয়বাৰৰ বাবে আছু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া হিচাপে শংকৰজ্যোতি বৰুৱাই কয়, ''বিভিন্ন জিলাৰ পৰা অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকলে দ্বিতীয়বাৰৰ বাবে মোৰ ওপৰত বিশ্বাস ৰাখি সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে। মই নিষ্ঠা, সততাৰে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি, ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মকৰ্তাৰ মন জয় কৰি জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ, আছুৰ সদস্যসকলৰ পৰা প্ৰতিটো ক্ষেত্ৰতে সহযোগতিা আৰু শুভেচ্ছা আশা কৰিছো।''

আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...
মিজোৰামত ভূমিস্খলনত নিহত অসমৰ দুই শ্ৰমিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in