সলনি হ'ব পুটিন মন্ত্ৰীসভা !

সলনি হ'ব পুটিন মন্ত্ৰীসভা !

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই শনিবাৰে ৰাছিয়াৰ বিৰুদ্ধে গৃহযুদ্ধৰ ঘোষণা কৰিছিল ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে । এই সশস্ত্ৰ বাহিনীৰ মুৰব্বী হৈছে য়েভোগনি প্ৰিগোজিন । দলটোৱে যুদ্ধ ঘোষণা কৰি এটা দিন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই যুদ্ধ বিৰতি ঘোষণা কৰে ।

দেশখনৰ সংবাদ সংস্থাৰ খবৰ অনুসৰি ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতেই পুটিন মন্ত্ৰীসভাৰ সাল-সলনি হ'ব বুলি প্ৰকাশ পাইছে । ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে যুদ্ধ বিৰতি ঘোষণাৰ চুক্তি হিচাপে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সাল-সলনি ঘটিব বুলি বাতৰিত প্ৰকাশ পাইছে ।

সেয়ে বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগু, দেশখনৰ সেনা প্ৰধান ভেলেৰী গেৰাচিমভক সলনি কৰাৰ আশংকা কৰা হৈছে । ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে যুদ্ধ বিৰতি ঘোষণা কৰাৰ চুক্তিৰ অংশ হিচাপেই পুটিনে প্ৰতিৰক্ষা বিভাগত সলনি ঘটাব বুলি গ্ৰীক চিটি টাইমছত প্ৰকাশ পাইছে বাতৰি।

সলনি হ'ব পুটিন মন্ত্ৰীসভা !
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মহীকান্ত নাথৰ পৰলোকপ্ৰাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in