অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মহীকান্ত নাথৰ পৰলোকপ্ৰাপ্তি...

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মহীকান্ত নাথৰ পৰলোকপ্ৰাপ্তি...

ডিজিটেল সমবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলা নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা অসম ৰাজ্যিক বিদুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মহীকান্ত নাথৰ দেওবাৰে মৃত্যু হয় । যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল নাথে। সৰুৰে পৰাই জাতীয়তাবাদী চিন্তা চেতনাৰে উবুদ্ধ নাথে অসম আন্দোলনত সক্ৰিয়তাৰে নামি পৰাৰ বাবেই পুলিচ বাহিনীৰ দ্বাৰা সৰ্বাধিকবাৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল।

পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল আৰু শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নিষ্ঠাবান কৰ্মী ৰূপে সেৱা আগবঢ়াই যোৱা নাথে অসম যোগী সন্মিলনৰো গুৰু দায়িত্ব বহন কৰি নিজৰ কাম-কাজ আগবঢ়াই নিছিল। নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতে আজি তেখেতৰ বাসগৃহত অগণণ গুণমুগ্ধই ভিৰ কৰে।

তেখেতৰ বাসগৃহত উপস্থিত হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বাৰেচহৰীয়া ভাওনা কমিটি, নদুৱাৰ যোগী সন্মিলনী, কুসুমটোলা উন্নয়ন সমিতিকে আদি কৰি কুৰিৰো অধিক অনুষ্ঠান, প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মহীকান্ত নাথৰ পৰলোকপ্ৰাপ্তি...
স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো ডিমৌবাসীয়ে দেখা নাই পকী পথ, দলং....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in