বিফল হ'ল নেকি পুটিনৰ আগ্ৰাসন ?

বিফল হ'ল নেকি পুটিনৰ আগ্ৰাসন ?

ডিজিটেল ডেস্ক : ফেব্ৰুৱাৰীৰ ২৪ তাৰিখে বিশ্বৰ অন্যতম শক্তিৰূপে পৰিচিত ৰাছিয়াৰ প্ৰধান মন্ত্ৰী পুটিনে ইউক্ৰেইনলৈ মোতায়েন কৰিছিল ২ লাখ ৰাছিয়ান সেনা । আঙুলি মূৰত গণিব পৰা দিন কেইটামানত ইউক্ৰেইনৰ ৰাজধানী কীইভ দখল কৰি ইউক্ৰেইনক নিজৰ হাতলৈ অনাৰ সপোন দেখিছিল পুটিনে । ৰাছিয়াৰ দৰে এক শক্তিশালী দেশক ইউক্ৰেইনৰ দৰে ক্ষুদ্ৰ দেশ এখন দখল কৰিবলৈ লাগেওনো কিমান সময় ?

কিন্তু ইয়াতেই ভূল হৈ গ'ল পুটিনৰ সকলো অংক । প্ৰচণ্ড শক্তিৰে ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰি যুদ্ধৰ নৱম মাহলৈ যু্ঁজ দি গ'ল জেলেনস্কী বাহিনীয়ে । যাৰ বাবে, প্ৰথমে ইউক্ৰেইনৰ উত্তৰ আৰু বৰ্তমান দক্ষিণ দিশত পাছ হুহুকি আহিব লগীয়া হ'ল ৰাছিয়ান সেনা ।

ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপৰ আটাইতকৈ ডাঙৰ যুদ্ধ । এই যুদ্ধই লক্ষাধিক ইউক্ৰেনিয়ান নাগৰিকক গৃহহীন কৰি তোলে । এই আগ্ৰাসনক পুটিনে নাম দিছিল ইউক্ৰেইনক নাজী বাহিনীৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়া ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে এই সম্পূৰ্ণ আক্ৰমণৰ প্ৰতিটো ঘটনা ডিজিটেল আকাৰে নথিভুক্ত কৰি বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰি আহিছিল প্ৰতি পলে । যাৰ বাবে বিশ্ববাসীয়ে সময়ে সময়ে বুজ লৈ আছিল যুদ্ধৰ বাতৰিৰ । কিন্তু যুদ্ধই নৱম মাহ অতিক্ৰম কৰাৰ পাছত পৰিলক্ষিত হ'ল ৰাছিয়ান সেনাৰ দুৰ্বল স্থিতি । আৰম্ভ কৰিলে যুদ্ধৰ সময়ত বিশ্বই নিষেধ কৰা অপৰাধ সংঘটিত কৰিবলৈ ।

পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ ভাবুকি, শীতৰ পূৰ্বে ইউক্ৰেইনৰ শক্তি উৎপাদন কেন্দ্ৰ সমূহত মোক্ষম আঘাত, বসতি প্ৰধান অঞ্চল সমূহত বোমা নিক্ষেপ আছিল প্ৰধান । ইয়েই প্ৰমাণ কৰে ইউক্ৰেইন জিনিবলৈ কিমান উদগ্ৰীৱ পুটিন । কিন্তু এই আগ্ৰাসণত জানো সফল হ'ল ৰাছিয়ান সেনা ? ক্ৰমাৎ পাছ হুহুকি অহাৰ পাছতো কিয় বন্দুকৰ আগত মৃত্যুৰ তাণ্ডৱ চাবলৈ তৎপৰ পুটিন ?

দ্বিতীয় বিশ্বযুদ্ধৰ আটাইতকৈ ভয়াৱহ বৰ্ণনা দিছিল জাৰ্মান লিখক এৰিখ মাৰিয়া ৰিমাৰ্কে । তেখেতৰ গ্ৰন্থ "অল কোৱাইট অন দ্যা ৱেষ্টাৰ্ণ ফ্ৰন্ট'ত আছে যুদ্ধৰ ধ্বংসলীলাৰ বৰ্ণনা । কিদৰে দুখন দেশৰ নাগৰিকে পৰস্পৰক চিনি নোপোৱাৰ পাছতো যুদ্ধলৈ যাব লগীয়া হৈছিল কেৱল ৰাজনীতিবিদ সকলৰ লোভৰ বাবে । সেই একেই বৰ্ণনা ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰদান কৰিলে জেলেনস্কীয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ ব্ৰিটিছ শিল্পী বেংকস্কীৰ এখন দেৱাল অংকন দেখা গৈছিল যুদ্ধত বিধ্বস্ত ইউক্ৰেইনৰ কোনো এক অট্টালিকাৰ দেৱালত । এই চিত্ৰখনিত দেখা গৈছিল এটি শিশুৱে সমৰ কলাত পাকৈত এক খেলুৱৈক পৰাস্ত কৰা । ৰূপকাত্মক এই ছবিখনিত শিশুটি আছিল ইউক্ৰেইন আৰু খেলুৱৈ জন আছিল পুটিন । এই ৰূপকাত্মক ছবিখনেই যেন এবাৰতেই বৰ্ণনা কৰি দিলে যুদ্ধৰ সমগ্ৰ বতৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in