নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...

থিম্ফুত মোডীয়ে উদ্বোধন কৰিব ভাৰতৰ অৰ্থ সাহায্যত নিৰ্মিত শিশু হাস্পতাল
নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...
নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শুকুৰবাৰে ভূটান ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ড্ৰাক গ্যেল্পো (Druk Gyalpo) ৰে সন্মানেৰে সন্মানিত কৰা হৈছে।

উল্লেখ্য যে, দুদিনীয়াভ্ৰমণ সূচীৰে ভূটানলৈ যোৱা নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমণসূচী কূটনৈতিক কাৰণতে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তাৰ মাজতে ভূটানৰ ৰজাই তেওঁক এই সন্মান প্ৰদান কৰা বিষয়টো বিষয়টো যথেষ্ট চৰ্চিত হৈছে। কিয়নো এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰ নেতা।

ভূটান ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত তেওঁৰ সংগ দিয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংকচুকে।তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক আদৰে যুৱতীৰ এটা দলে গৰ্বা গীতৰ তালে তালে নৃত্য কৰি।

এই ভ্ৰমণৰ মাজচে থিম্ফুত এখন শিশু হাস্পতাল মুকলি কৰাৰ কথা নৰেন্দ্ৰ মোডীৰ। এই হাস্পতাল নিৰ্মাণত ভূটান চৰকাৰক আৰ্থিক সাহায্য আগবঢ়াইছে ভাৰত চৰকাৰে। বৃহস্পতিবাৰৰ পৰা দুদিনৰ ভূটান ভ্ৰমণৰ সূচী পূৰ্বেই নিৰ্ধাৰণ হৈছিল নৰেন্দ্ৰ মোডীৰ।

কিন্তু আকস্মিভাৱে তেওঁৰ এই ভ্ৰমণ বৃহস্পতিবাৰে বাতিল হয়। বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা এক বিবৃতিত কোৱা হয় প্ৰতিকুল বতৰৰ বাবেই মোডীৰ এই ভ্ৰমণ বাতিল কৰা হৈছে। ইয়াৰ পিছত অৱশ্যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ভূটান ভ্ৰমণ কৰে আৰু দেশখনত দুদিন অতিবাহিত কৰিব।

নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...
বিজেপিত যোগদিবলৈ সাজু ৰাজ্যৰ দুই প্ৰাক্তন বিধায়কসহ কেইবাজনো কংগ্ৰেছী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in