বিজেপিত যোগদিবলৈ সাজু ৰাজ্যৰ দুই প্ৰাক্তন বিধায়কসহ কেইবাজনো কংগ্ৰেছী...

এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়কেও যোগদিব বিজেপিত

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

বিজেপিত যোগদিবলৈ সাজু ৰাজ্যৰ দুই প্ৰাক্তন বিধায়কসহ কেইবাজনো কংগ্ৰেছী...

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া। নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ বহু নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। দলত্যাগী এই নেতাৰ তালিকাত পুনৰ সংযোজন হ'বলৈ আগবাঢ়িছে এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰীও।

Advertisment

খবৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি দল ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক ক্লেংডেং ইংতিয়ে। শীঘ্ৰেই তেওঁ যোগদান কৰিব বিজেপিত। ইংতিয়ে ইতিমধ্যে দলটোৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে।

একেদৰ দলত্যাগ কৰি ছেহনাজ য়াছমিনেও। ছেহনাজ য়াছমিক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সাধআৰণ সম্পাদিকা। তেওঁ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰো সভাপনেত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

এই দুয়োগৰাকী দল ত্যাগী নেতাই যোগদান কৰিব বিজেপিত। একেদৰে বিজেপিত যোগদান কৰিবলৈ সাজু হৈ আছে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, শৈলেন বৰাও। ইফালে কংগ্ৰেছৰ দৰেই এ আই ইউ ডি এফতো দলত্যাগ আৰম্ভ হৈছে। দলত্যাগ কৰি বিজেপিত যোগদান কৰিব প্ৰাক্তন বিধায়ক অনন্ত মালোৱে।

Also Read: বিজেপিয়েও পাইছিল দিল্লীৰ সুৰা কেলেংকাৰীৰ ধন !

কংগ্ৰেছ লোকসভা নিৰ্বাচন বিজেপি