চুদান সংঘৰ্ষঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰী, আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয়...

চুদানৰ সংকটকলৈ শেহতীয়াকৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । কিয়নো দেশখনত ভাৰতৰ প্ৰায় চাৰি হাজাৰ ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে ।
প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ চুদানৰ সংকটকলৈ শেহতীয়াকৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । কিয়নো দেশখনত ভাৰতৰ প্ৰায় চাৰি হাজাৰ ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে । এই লৈ শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । কিয়নো দেশখনৰ ৰাজধানী খাৰ্তুমত হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকৰ জীৱন বিপদাপন্ন হৈ পৰিছে ।

চুদানত বিগত সাত দিন ধৰি দেশখনৰ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত তীব্ৰ যুঁজ অব্যাহত আছে । শুকুৰবাৰে একসপ্তাহত ভৰি দিয়া এই সংঘৰ্ষত প্ৰায় দুশ জন লোক নিহত হৈছে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ জনোৱা মন্তব্য অনুসৰি চৰকাৰে আৱদ্ধ হৈ থকা প্ৰতিগৰাকী ভাৰতীয়ৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ চেষ্ঠা কৰিছে ।

বুধবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি চুদানত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰতে আমেৰিকা যুক্তৰাজ্য, ইউকে আৰু চৌদি আৰৱকে ধৰি বিভিন্ন দেশৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছোে ।

লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জনোৱা অনুসৰি ইতিমধ্যেই চুদানৰ পৰা অহা চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত আৰু ইজিপ্তৰ লোকসকলৰ সৈতে ভাৰত চৰকাৰে দেশখনৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত যোগাযোগ ৰাখিছে । লগতে ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

প্ৰধানমন্ত্ৰী
পেঞ্চনৰ বাবে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি গ'ল বয়সে কুঁজা কৰি পেলোৱা বৃদ্ধা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in