
ডিজিটেল ডেস্ক : এক হৃদয়বিদাৰক দৃশ্য । বয়সে কুঁজা কৰি পেলোৱা এগৰাকী ৭০ উৰ্ধৰ মহিলা । বয়সে আঁচোৰ পেলোৱা মহিলাগৰাকীয়ে থিয় হ'বলৈও সহায় ল'ব লগীয়া হয় আনৰ । খোজ কাঢ়িবলৈ প্ৰয়োজন হোৱা পেং অথবা লাখুটিৰ বাবেও সম্ভৱত ধনৰ অভাৱ । উৰিষাৰ নবৰং জিলাৰ এইগৰাকী মহিলাৰ নাম সূৰ্য হৰিজন ।
প্ৰখৰ ৰ'দকো নেওচি খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি গ'ল মহিলাগৰাকীয়ে । উদ্দেশ্য মাথো বৃদ্ধ পেঞ্চনৰ নামত বেংকত জমা হোৱা নূন্যতম টকা কেইটা সংগ্ৰহ কৰা । ভঙা চকী এখনত ভৰ দি ভৰি দুখন চোচৰাই চোচৰাই প্ৰখৰ ৰ'দত পকী পথটোৰে খোজ কাঢ়ি গ'ল মহিলাগৰাকীয়ে ।
ৰ'দত খালী ভৰিৰে পকী বাটত খোজ কৰাৰ তীব্ৰ বেদনা হয়তো আমি কোনো কালেই বুজি নুঠিম, কিন্তু মাহৰ অন্তত নামমাত্ৰ কেইটামান টকাৰ বাবে অপেক্ষা কৰি থকা আইতাগৰাকীক সেই কথা বুজাই তোলাতো সম্ভৱ হ'ব নে কাহানিও ?
ভাৰতৰ দৰে চৰম অৰ্থনৈতিক বৈষম্যত ভূগি থকা এখন দেশত শেহতীয়াকৈ বৃদ্ধি পাইছিল বিলিয়নেয়াৰৰ সংখ্যা । ১৬৯ গৰাকী বিলিয়নেয়াৰ থকা এখন দেশত ৭০ উৰ্ধৰ এগৰাকী বৃদ্ধাই এনেদৰে কেইটামান টকাৰ বাবে এনেদৰে হাবাথুৰি খোৱা দৃশ্যই নিশ্চয়কৈ দেশৰ উন্নতিৰ সকলো ৰহস্য বুজাই দিছে ।