CAA ৰ বাবেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে নিৰ্যাতনঃ জীৱন হৈ পৰিছে দুৰ্বিসহ

অসমীয়া প্ৰতিদিনৰ আগত হিন্দু নেতাক বিস্ফোৰক মন্তব্য
CAA ৰ বাবেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে নিৰ্যাতনঃ জীৱন হৈ পৰিছে দুৰ্বিসহ
CAA ৰ বাবেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে নিৰ্যাতনঃ জীৱন হৈ পৰিছে দুৰ্বিসহ

ডিজিটেল সংবাদ ঢাকাঃ যিসমূহ দেশৰ নিৰ্যাতিত হিন্দুৰ কল্যাণৰ বাবে নাগৰিকত্ব সংশোধনী আইন (কা) কাৰ্যকৰী কৰিছে সেইসমূহ দেশৰ ভিতৰৰ অন্যতম বাংলাদেশৰ হিন্দুসকল এতিয়া এই আইনৰ বাবেই বিপদত পৰিছে। ভাৰতত এই আইন কাৰ্যকৰী হোৱাত বাংলাদেশত হিন্দু নিৰ্যাতনৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ দাবী কৰিছে জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব তথা অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰামাণিক।

বৃহস্পতিবাৰে ঢাকাস্থিত অসমীয়া প্ৰতিদিনৰ সাবাদিক মাছুম বিল্লাহক দিয়া এক সাক্ষাৎকাৰত তেওঁ এই কথা উল্লেখ কৰিছে। ভাৰতত কা কাৰ্যকৰী হোৱাৰ বাবে বাংলাদেশত হিন্দুৰ মাজত আতংক বৃদ্ধি হোৱা বুলি দাবী কৰি বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ এই আইনজ্ঞগৰাকীয়ে কয়, ২০১৪ চনৰ আগলৈকে যিসকলে ভাৰতলৈ গৈছে তেওঁলোকেহে কেৱল নাগৰিকত্ব পাব। কিন্তু ২০১৪ চনৰ পাছত যিসকল হিন্দু ভাৰতলৈ গৈছে বা এতিয়াও গৈ আছে তেওঁলোকৰ কি হ'ব?

গোবিন্দ প্ৰামাণিকে পুনৰ কয়, ভাৰতত যেতিয়াৰ পৰা কা লৈ চৰ্চা হৈছে তাৰ পাছৰ পৰাই বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বাঢ়িছে। ২০১৪ চনৰ পৰা ২০২৩ চন পৰ্যন্ত হিন্দু নিৰ্যাতন দুগুণ অৰ্থাৎ ২০০ শতাংশ বাঢ়িছে। এই আইন কাৰ্যকৰী হোৱাৰ ফলত এই নিৰ্যাতনৰ সংখ্যা আৰু বহু গুণ বৃদ্ধি পাব।

গোবিন্দা প্ৰামাণিকে পুনৰ কয়, বাংলাদেশ চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ২০১৫ চনত হিন্দুৰ সংখ্যা আছিল ১০.৭ শতাংশ। কিন্তু ২০২২ চনত ই হৈছেগৈ ৭.৯ শতাংশ। ১৯৪৭ চনৰ পৰা, ইমানবোৰ হিন্দু লোকে একেলগে এইদৰে দেশ এৰি যোৱা নাই। এইটোৱে বুজাই যে, ২০১৪ চনৰ পৰা বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ যথেষ্ট বৃদ্ধি পাইছে।

বাংলাদেশৰ এইগৰাকী শীৰ্ষ হিন্দু নেতাজনে কয়- কা ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়। কিন্তু যিহেতু বাংলাদেশৰ নাম ইয়াত জড়িত হৈ আছে, বাংলাদেশত নিৰ্যাতিত হিন্দুসকলৰ নাগৰিকত্বৰ বিষয়টোও জড়িত হৈ আছে সেয়েহে আমি এই আইনখন গুৰুত্বসহকাৰে নিৰীক্ষণ কৰি আছো। প্ৰায় ৩১ হাজাৰ নিৰ্যাতিত হিন্দু এই আইনৰ দ্বাৰা লাভান্বিত হ'ব। কিন্তু বাংলাদেশৰ পৰা ভাৰতত আশ্ৰয় লোৱা ৪০ কোটি হিন্দুৰ স্থিতি কি হ'ব?

তেওঁ কয়- শেহতীয়াকৈ ভাৰতত কা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বাংলাদেশৰ কিছুমান সাম্প্ৰদায়িক লোকে দুৰ্বল শ্ৰেণীৰ হিন্দুসকলক ক'বলৈ আৰম্ভ কৰিছে- 'আপোনাৰ দেশে (ভাৰতে) নাগৰিকত্ব প্ৰদান কৰিছে। আপুনি যাওঁক। আপুনি এই দেশত থাকিব নালাগে। এইখন এখন ইছলামিক দেশ। হিন্দুসকলৰ ইয়াত কোনো স্থান নাই।'

আপত দৃষ্টিত ভাৰতৰ নাগৰিকত্ব সংশোধনী আইন হিন্দুসকলৰ বাবে কল্যাণৰ এক বিষয়। কিন্তু বাস্তৱিকতে এই আইনে বাংলাদেশত হিন্দুসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিব। হিন্দুসকল ভৱিষ্যতে ভয়ংকৰ সংকটৰ সন্মুখীন হ'ব।

CAA ৰ বাবেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে নিৰ্যাতনঃ জীৱন হৈ পৰিছে দুৰ্বিসহ
জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in