জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...

উপস্থিত ৯ টা সমষ্টিৰ বিধায়ক আৰু মিত্ৰজোঁটৰ নেতৃত্ব...
জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...
জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...

ডিজিটেল সংবাদ লখিমপুৰঃ লোক সভা নিৰ্বাচনক লৈ টঙালী বান্ধিছে বিজেপি মিত্ৰজোঁটে লখিমপুৰ লোকসভা সমষ্টিত ৷ লোকসভা সমষ্টিটোৰ ৯ টা বিধান সভা  সমষ্টিৰ বিজেপিৰ বিধায়ক আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ লগতে মিচিং ,দেউৰী,ঠেঙাল আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিষয়বীয়াক লৈ অনুষ্ঠিত এই বৈঠকৰ উদ্যোগ লয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

বিধায়ক ক্ৰমে বলীন চেতিয়া, ৰূপেশ গোৱালা, ভূৱন পেগু, নৱ দলে,মানৱ ডেকা উপস্থিত থকা বৈঠকখনত বিজেপিৰ লখিমপুৰ, ধেমাজি, ঢকুৱাখনা, নাওবৈচা, ডুমডুমা, শদিয়া আদি বিধানসভা সমষ্টিৰ সভাপতিৰ লগতে অসম গণ পৰিষদৰ জিলা আৰু সমষ্টি সমিতিৰ বিষয়ববীয়াৰ লগতে সন্মিলিত গণশক্তি অসমৰ ৱিষয়ববীয়া আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰমানন্দ চায়েঙিয়াৰ লগতে সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ টংকেশ্বৰ সোনোৱাল উপস্থিত থাকে৷

সাংসদ তথা বিজেপি মিত্ৰজোঁটৰ লোক সভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ আহ্বানত কাৰেং চাপৰিৰ ইক’ ৰিজৰ্টত অনুষ্ঠিত এই এই সংগোপন বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণ নীতি প্ৰস্তুত কৰা হয় ৷ সৰ্ব সন্মতি ক্ৰমে লোকসভা সমষ্টিটোত নিৰ্বাচনৰ দিন ঘোষণা তথা আচৰণ বিধি বলৱৎ হলেই নিতৌ সমষ্টি ভিত্তিত মুঠ চাৰিখনকৈ বিশাল জনসভাৰ আয়োজনৰ সিদ্ধান্ত লোৱা হয় ৷

সংবাদ মাধ্যম বৰ্জিত এই বৈঠকখনিত এক গোপন সূত্ৰই সদৰী কৰা মতে মিত্ৰতাৰ ধৰ্ম অটুত ৰাখি প্ৰতিটো মিত্ৰ দলক নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় ভূমিকা বহন কৰিবলৈ আহ্বান জনোৱা হয় ৷ এই উদ্দেশ্যত সাংসদ প্ৰদান বৰুৱা আৰু ৰণোজ পেগুৰ উপস্থিতিত মিত্ৰজোঁটৰ প্ৰতিটো দলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় ৷

সূত্ৰটোৰ মতে সাংসদ প্ৰদান বৰুৱাই বিগত সময়ত মিত্ৰ দলৰ কৰ্মীক অৱহেলা কৰাৰ প্ৰশ্ন উত্থাপন হয় আৰু গণশক্তিৰ দৰে সৰু সৰু দলক বিজেপিয়ে পদানত কৰি নিস্প্ৰভ কৰাৰ প্ৰসংগ উত্থাপন হয় ৷ ইয়াৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় “অসন্তুষ্টি থাকিব পাৰে আমি উন্নয়ণৰ স্বাৰ্থত একত্ৰিত হৈছো আৰু বিজেপিয়ে আঞ্চলিক জাতীয়তাবাদক প্ৰাধান্য দি আঞ্চলিক দলৰ মিত্ৰ ধৰ্ম অক্ষুন্ন ৰাখিছে৷”

আগন্তুক নিৰ্বাচনত যাতে লখিমপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জনজাতীয় লোকৰ ভোটৰ হৰণ-ভগন নহয় তাৰ বাবে অসন্তুষ্টি এৰি কাম কৰিবলৈ অসম গণ পৰিষদকে ধৰি সন্মিলিত গণ শক্তি অসমক আহ্বান জনায় ৷ অসম গণ পৰিষদৰ নেতৃত্বই বিগত সময়ত দলটোৰ তৃণমূল কৰ্মীক চৰকাৰ আৰু মিত্ৰদল বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৷

সদৌ শেষত বিজেপি মিত্ৰজোঁটে লখিমপুৰ লোক সভা সমষ্টিত প্ৰাৰ্থী প্ৰদান বৰুৱাক প্ৰায় তিনিলাখ ভোটৰ ব্যৱধানত জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ যি সময়তে কংগ্ৰেছে লখিমপুৰত কোন হ’ব প্ৰাৰ্থী সেই কথা ঘোষণা কৰিব পৰা নাই,কংগ্ৰেছ কাৰ্যালয়সমূহত মৰিশালীৰ নিস্তব্ধতা বিৰাজ কৰিছে সেই সময়ত বিজেপি মিত্ৰজোঁটৰ এই নিৰ্বাচনী তৎপৰতা লক্ষণীয় বিষয় হৈ ধৰা দিছে।

জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...
ৰঙিয়াত ২৫ কোটিৰো অধিক ব্যয় সাপেক্ষে ২৫ টা পথৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in