নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ আহিল পেংগুইন...

নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ আহিল পেংগুইন...

ডিজিটেল ডেস্ক : প্ৰতিদিনেই উন্নতিৰ জখলাত আৰু এখোজ আগুৱাই যোৱা সমাজখনৰ অন্যতম বিষাদময় ঘটনা দুটিয়েই হ'ল বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম । বিভিন্ন কাৰণত পৰিয়ালৰ পৰা দূৰৈত থাকিব লগীয়া হোৱা শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে কি উৎসৱ-পাৰ্বন, কি সাধাৰণ দিন । পৰিয়াল বুলিবলৈ কেৱল একেলগে থকা লোকসকল । অৱশ্যে নিজৰ পৰিয়ালৰ পৰা আতৰি থাকিলেও এই সকল লোকক স্নেহৰ ডোলেৰে আৱৰি ৰাখে সমাজৰেই আন কিছু হৃদয়বান লোকে । বিহুৱে-পূজাই এওঁলোকৰ সৈতে যাপন কৰে কিছু সময় ।

কিন্তু ইংলেণ্ডৰ এছেক্স প্ৰদেশৰ এটি বৃদ্ধাশ্ৰমত ঘটিল এক আমোদজনক ঘটনা । বৃদ্ধাশ্ৰমৰ বয়োজ্যেষ্ঠ লোকসকলক নৱবৰ্ষৰ সম্ভাষণ জনাবলৈ আহিল দুটি পেংগুইন । প্ৰিংগল আৰু ৱিডজেট নামৰ এই পেংগুইন দুটিক কিছু সময়ৰ বাবে বৃদ্ধাশ্ৰমখনলৈ লৈ আহে আশ্ৰমখনৰ কৰ্তৃপক্ষই । পেংগুইন দুটিক পাই বয়োজ্যেষ্ঠ লোকসকলেও পাহৰি পেলালে সকলো দুখ । আনন্দত আত্মহাৰা হৈ শিশুৰ দৰে উমলিলে লোকসকলে ।

কোনোবাই যদি বোকোচাত লৈ কোঠাটোৰ চাৰিওফালে লৈ ফুৰিলে প্ৰিংগলক, কোনোৱে আকৌ ৱিডজেটৰ সৈতে আলোকচিত্ৰ সংগ্ৰহ কৰাত ব্যস্ত । আমেজিং এনিমেলছ নামৰ এটি সংস্থাৰ জৰিয়তে অনা এই পেংগুইন দুটিৰ সৈতে কটোৱা সময়ছোৱাৰ ফটো এতিয়া সামাজিক মাধ্যমত চৰ্চিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in