দেশে বিদেশে বঁটা বুটলিলে অসমীয়া ছবিয়ে...

দেশে বিদেশে বঁটা বুটলিলে অসমীয়া ছবিয়ে...

ডিজিটেল ডেস্ক : বিগত বৰ্ষটো আছিল অসমীয়া বোলছবি জগতৰ সাফল্যৰ বৰ্ষ । কলাত্মক বোলছবিৰ পৰা ব্যৱসায়ীক দৃষ্টিকোণেৰে নিৰ্মিত সকলো দিশতেই সমানেই আগুৱাই গৈছিল অসমৰ বোলছবি জগত । তাৰ মাজতেই দেশে বিদেশে বহুল সমাদৃত হ'ল কেইবাখনো অসমীয়া ছবি । ইয়াৰে পাঁচ খন চুটি চবি আছিল একেটা প্ৰযোজক গোষ্ঠীৰেই আনহাতে আনখন আছিল ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰতিযোগিতালৈ আনুষ্ঠানিকভাৱে প্ৰাৰম্ভিক বাছনিত উঠা অসমৰ প্ৰথমখন চুটি ছবি ।

এই প্ৰথমখনি চুটি ছবি আছিল যুৱ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ "মোৰ ঘোৰাৰ দূৰন্ত গতি" । কল্পনাপ্ৰসূত, হাস্যকৰ এই চুটিছবিখনে অতি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিছিল মানুহৰ মনস্তত্ত্ব বিষয়ক দৃষ্টিভংগী । ইয়াৰ ওপৰিও আকাংক্ষা ভাগৱতীৰ 'কুমু' তথা নামঘৰ প্ৰযোজক গোষ্ঠীৰ সুৰভি, দা বাৰ্ড ছেলাৰ, দেৱী, এ লষ্ট টিউন অৱ লাইফ আৰু এ স্মাইল অৱ গান্ধী ।

সংবাদ মাধ্যমে বিশেষ আলোকপাত নকৰিলেও বিভিন্ন প্ৰতিযোগিতাত সাফল্য অৰ্জনেৰে অসমলৈ সন্মান কঢ়িয়াই আনিলে এই কেইখন চুটি ছবিয়ে ।

দেশৰ সীমা অতিক্ৰম কৰি অধিকসংখ্যক প্ৰতিযোগীৰ পয়োভৰ ঘটা বিদেশৰ বিভিন্ন চলচিত্ৰ প্ৰতিযোগিতাত কেৱল নামঘৰ প্ৰযোজক গোষ্ঠীৰ চুটি ছবি কেইখনেই কঢ়িয়াই আনিলে ১২ টাকৈ বঁটা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in