চিকিৎসালয়ৰ পৰাই অনুৰাগীক ধন্যবাদ জ্ঞাপন পেলেৰ...

শেহতীয়াকৈ কেমোথেৰাপীয়ে কাম নিদিয়াৰ বাবে লাইফ চাপ'ৰ্টলৈ নিয়া হৈছিল ব্ৰাজিলৰ কিম্বদন্তি ফুটবলাৰ পেলেক ।

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ৰ পৰাই অনুৰাগীক ধন্যবাদ জ্ঞাপন পেলেৰ...

ডিজিটেল ডেস্ক : শেহতীয়াকৈ কেমোথেৰাপীয়ে কাম নিদিয়াৰ বাবে লাইফ চাপ'ৰ্টলৈ নিয়া হৈছিল ব্ৰাজিলৰ কিম্বদন্তি ফুটবলাৰ পেলেক । মঙলবাৰে ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰাৰে পৰা চিকিৎসাধীন অৱস্থাত আছিল খেলুৱৈ গৰাকী । সমগ্ৰ বিশ্বতেই খেলুৱৈ গৰাকী চিকিৎসাধীন হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই অনুৰাগী সকলৰ প্ৰাৰ্থনাত যেন সুস্থ হৈ উঠিছে পেলে ।

Advertisment

শনিবাৰে নিশা সামাজিক মাধ্যম যোগে প্ৰচাৰিত এটি ভিডিঅ'ত খেলুৱৈ গৰাকীয়ে অনুৰাগী সকলক ধন্যবাদ জ্ঞাপন কৰে আৰু জনায় যে অনুৰাগী সকলৰ শুভেচ্ছা, প্ৰাৰ্থনাৰ বাবেই যেন ক্ৰমাৎ সুস্থ হৈ উঠিছে খেলুৱৈ জন । যাৰ বাবে সমূহ অনুৰাগীৰ ওচৰত চিৰকৃতজ্ঞ পেলে ।

উল্লেখ্য যে, ৮২ বছৰীয়া পেলে যি ব্ৰাজিল দলক তিনি বাৰকৈ বিশ্বকাপ জয় কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল, দীৰ্ঘ দিনৰে পৰাই অসুস্থ হৈ আছিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আৰু শেহতীয়াকৈ হাওঁফাওঁৰ ৰোগটো আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছিল খেলুৱৈজন । অৱশ্যে চিকিৎসকে মন্তব্য কৰা অনুসৰি শেহতীয়াকৈ খেলুৱৈজনৰ শৰীৰে সহাৰি দিছে ঔষধ সমূহক যাৰ বাবে অতি শীঘ্ৰেই সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে পেলেৰ ।

আৰু পঢ়ক : অসুস্থ পেলেৰ স্বাস্থ্যৰ অধিক অৱনতি...

brazil pele