অসুস্থ পেলেৰ স্বাস্থ্যৰ অধিক অৱনতি...

অসুস্থ পেলেৰ স্বাস্থ্যৰ অধিক অৱনতি...

ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেৰ স্বাস্থ্যৰ অৱনতি। কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তী ফুটবলাৰগৰাকীৰ ৰোগাক্ৰান্ত দেহাই কেমোথেৰাপীৰ প্ৰতি সঁহাৰি নিদিয়াত তেওঁক লাইফ কেয়াৰ চাপৰ্টত ৰখা হৈছে।

যোৱা মঙ্গলবাৰে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ বাবে হস্পিতালখনত উপস্থিত হোৱাৰ পিছতে তেওঁক হস্পিতাল কৰ্তৃপক্ষই চিকিৎসাধীন কৰে। ব্ৰাজিলৰ চাওপাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত তেওঁৰ চিকিৎসা চলি আছে।

ব্ৰাজিলৰ তিনিবাৰৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য পেলে ক'ল'ন কৰ্কট ৰোগত আক্ৰান্ত। বিশ্বকাপ চলি থকাৰ মাজতে অসুস্থ হৈ পৰা পেলেয়ে মঙ্গলবাৰে হস্পিতালত উপস্থিত হোৱাৰ পিছতেই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। মহান ফুটবলাৰগৰাকীৰ স্বাস্থ্যৰ খবৰে বিশ্বৰ অগণন ফুটবল প্ৰেমী তথা পেলেৰ অনুগামীক চিন্তিত কৰি তুলিছিল।

শেহতীয়াকৈ পেলেৰ দেহত অত্যন্ত বিষ হোৱাৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। ইফালে কমোথেৰাপীয়েও কাম নকৰাত তেওঁ লাইফ কেয়াৰ চাপৰ্ট দিয়া হৈছে।

ক্লিক কৰি পঢ়কঃ আঘোণৰ পথাৰত ধান কটাত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in