/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/1nr16cul/ind-chn-24.jpg)
শান্তিৰ বাৰ্তাৰে ৰাছিয়াত দ্বিপাক্ষিক বৈঠকত বহিল নৰেন্দ্ৰ মোডী আৰু জিনপিং...
ডিজিটেল ডেস্কঃ গালৱানত হোৱা ভাৰত-চীনৰ সেনাৰ সংঘৰ্ষৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনিপিং। ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত এই দুয়ো ৰাষ্ট্ৰনেতা মুখামুখি হোৱাই নহয় এক দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰে।
এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সীমান্তত শান্তি ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। তাৰোপৰি এই বৈঠকতে ভাৰতক ''গ্লোবেল ছাউথ''ৰ কণ্ঠস্বৰ হিচাপে এক বাৰ্তা প্ৰেৰণ কৰিলে।
উল্লেখ্য যে, এই দ্বিপাক্ষিক বৈঠকৰ ঠিক ৭২ ঘণ্টা পূৰ্বে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সামৰিক কাৰ্যকলাপ আৰু সেনাৰ টহল হ্ৰাস কৰিবলৈ দুয়োখন দেশেই সন্মত হৈছিল। ইয়াৰ ৭২ ঘণ্টাৰ পাছত সুদূৰ ৰাছিয়াৰ কাজান চহৰত দুয়ো নেতা মিলিত হয়।
এই দ্বিপাক্ষিক বৈঠকৰ আলোচনাৰ মেজত মোডীৰ বাৰ্তা আছিল যে ভৱিষ্যতে পুনৰ গালৱান সংঘৰ্ষৰ দৰে ঘটনা ঘটিব নালাগে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যাখ্যা কৰে যে ভাৰতে যোৱা কেইবছৰমানত সীমান্তত ৰেড আৰ্মীৰ কাৰ্যকলাপ, মানচিত্ৰৰ বিকৃতি, লগতে বেইজিংৰ অযৌক্তিক দাবী লক্ষ্য কৰি আহিছে। সামগ্ৰিকভাৱে, সীমান্তৰ শান্তিৰ বিষয়টোকে অগ্ৰাধিকাৰ দি প্ৰধানমন্ত্ৰী মোডীয়ে জিনপিংক এক স্পষ্ট বাৰ্তা প্ৰদান কৰে।
আলোচনাৰ সময়ত জিনপিঙক মোডীয়ে কয়, "আমি মনত ৰাখিব লাগিব যে ভাৰত-চীন সম্পৰ্ক কেৱল দুয়োখন দেশৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ শান্তি, স্থিৰতা আৰু প্ৰগতিৰ বাবেও গুৰুত্বপূৰ্ণ।"
তেওঁ কয়, "দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বাবে পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতা অপৰিহাৰ্য। আমাৰ দুয়োখন দেশ আৰু সমগ্ৰ বিশ্বৰ মানুহে এই বৈঠকখন অতি মনোযোগেৰে চাই আছে।
বৈঠকত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙেও দুয়োপক্ষৰ নিয়মীয়া যোগাযোগ আৰু সহযোগিতা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয়, আমাৰ পাৰ্থক্য আৰু মতভেদ সঠিকভাৱে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ।
বৈঠকত এছিয়াৰ এই শক্তিশালী দেশ দুখনে ''গ্লোবেল ছাউথ''ৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত এছিয়াৰ ক্ষুদ্ৰ দেশসমূহৰ কণ্ঠস্বৰ। দুয়োগৰাকী নেতাই ভাৰত আৰু চীনৰ প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰ কথাৰো অৱতাৰণা কৰে।
Also Read: জল্পনা- কল্পনাৰ অন্ত পেলাই বিহালীত জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব