জল্পনা- কল্পনাৰ অন্ত পেলাই বিহালীত জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব

অসম প্ৰদেশ কংগ্ৰেছ আৰু অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্তক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম

author-image
Asomiya Pratidin
New Update
জল্পনা- কল্পনাৰ অন্ত পেলাই বিহালীত জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব

ডিজিটেল ডেস্ক : সমাগত উপ নিৰ্বাচন। কোন হ’ব বিহালী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী, কাক দিব টিকট ইত্যাদি এনে বহু জল্পনা- কল্পনাৰ অন্ত পেলাই বুধবাৰে নিশা বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। আসন্ন উপ- নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এ আই চি চিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

Advertisment

এক প্ৰেছ বিবৃতিযোগে দলটোৰ নেতৃত্বই বিহালী সমষ্টিত জয়ন্ত বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি বিহালীসহ কৰ্ণাটকৰ দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এ আই চি চিয়ে। কৰ্ণাটক ৰাজ্যৰ চান্দুৰ এছ টি সমষ্টিৰ প্ৰাৰ্থী হ’ব ই অন্নপূৰ্ণা। একেদৰে চান্নাপটনা সমষ্টিত চি পি যোগেশ্বৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

অসমৰ ক্ষেত্ৰত এক প্ৰকাৰ অসম সন্মিলিত মৰ্চাক অন্ধকাৰত ৰাখি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এ আই চি চিয়ে। কাৰ্যতঃ অসম প্ৰদেশ কংগ্ৰেছ আৰু অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্তক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম।

উল্লেখযোগ্য যে সাংসদ গৌৰৱ গগৈয়ে বিচৰা মতেই বিহালীত প্ৰাৰ্থিত্ব লাভ কৰিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাই। এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাক বিচাৰিছিল সাংসদ গৌৰৱ গগৈয়ে। সম্প্ৰতি জয়ন্ত বৰা কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো গ্ৰহণ কৰা নাই, ইয়াকেলৈও দলটোৰ আভ্যন্তৰত এক প্ৰকাৰ চৰ্চা চলিছে।  

ইফালে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত অসম সন্মিলিত মৰ্চায়ো বিহালীত জয়ন্ত বৰাৰ বিপক্ষে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে।

Also Read: বহিৰাগত বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে সংবাদমেলযোগে অসমীয়া যুৱ মঞ্চৰ কঠোৰ সকিয়নী

অসম প্ৰদেশ কংগ্ৰেছ