/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ddb3f5a8-ace8-4e44-af2d-c4e27bfee529/psm_22.jpg)
মুম্বাইৰ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলত ষ্ক্ৰিণিং হ'ব পাৰ্থ সাৰথি মহন্তৰ দুই লেখনি...
ডিজিটেল ডেস্কঃ ২৪ মাৰ্চৰ পৰা মুম্বাইত আৰম্ভ হ'ব নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল। এই ফিল্ম ফেষ্টিভেলত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থসাৰথি মহন্তৰ দুটাকৈ লিখনি ষ্ক্ৰিণিং কৰাৰ হ'ব।
উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৫০ খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ মাত স্থান লাভ কৰিছে পাৰ্থ সাৰথি মহন্তৰ ২ টাকৈ লখনিয়ে। 'বহাগ বহাগ মন' আৰু 'লাচিত দ্যা ৱাৰিয়ৰ' লিখনিৰ দুটা অডিঅ', ভিডিঅ' ষ্ক্ৰিণিং কৰা হ'ব এই ফিল্ম ফেষ্টিভেলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/158b0fe2-04ab-4564-8748-219e2871bc64/40f46de3_a43a_4ee9_8801_f008a75d1562.jpg)
উল্লেখ্য যে, ২৪ মাৰ্চৰ পৰা এই ফিল্ম ফেষ্টিভেল ২৬ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে পাৰ্থ সাৰথি সাৰথি মহন্তৰ লাচিত দ্যা ৱাৰিয়ৰ দিল্লীত অনুষ্ঠিত হোৱা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীত প্ৰদৰ্শন কৰা হৈছিল।
হিন্দী ভাষাত এই জীৱনীমূলক লেখনি পাঠ কৰিছিল বলিউডৰ বিখ্যাত অভিনেতা অনুপম খেড়ে। আনহাতে অসমীয়া ভাষাত এই লেখনি পাঠ কৰিছে বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ড০ অমৰজ্যোতি চৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e2724d8a-ee90-4661-b361-e4e87b059227/12fada25_31e3_41ca_92cc_b4201d865c00.jpg)
লাচিত দ্যা ৱাৰিয়ৰ প্ৰকৃততে এনিমেছন ভিত্তিক লাচিত বৰফুকৰ জীৱনীমূলক তথ্যচিত্ৰ। এই তথ্যচিত্ৰখনত লাচিতৰ জন্ম, বংশ, তেওঁৰ অসাধাৰণ বীৰত্ব আৰু মাতৃভূমিৰ প্ৰতি কৰা ত্যাগ আৰু প্ৰেমক অসামান্য ৰূপত বৰ্ণনা কৰা হৈছে।
Also Read: অসমীয়া প্ৰতিদিনৰ দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তলৈ 'ক্লাইমেট ৱাৰিয়ৰ বঁটা'