/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d6211200-ec23-488e-af79-cfa894bcd2ce/ashish_gupt_22.jpg)
অসমীয়া প্ৰতিদিনৰ দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তলৈ 'ক্লাইমেট ৱাৰিয়ৰ বঁটা'
ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন কাকতৰ নতুন দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তলৈ আগবঢ়োৱা হৈছে 'ক্লাইমেট ৱাৰিয়ৰ বঁটা'। বাংলাদেশত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে, বিগত প্ৰায় ৪ দশকজুৰি সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা আশীষ গুপ্ত অসমীয়া প্ৰতিদিন কাকতৰ উপৰিও তেওঁ দূৰদৰ্শনৰ বাতৰি অনুষ্ঠান খাছ খবৰ আৰু বাংলাদেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছে।
ইয়াৰোপৰি তেওঁ এগৰাকী মানৱ অধিকাৰী কৰ্মী হিচাপেও পৰিচিত। বাংলাদেশৰ গাইবন্ধা জিলাৰ কুণ্ডেৰচৰত অনুষ্ঠিত হোৱা জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগীসকলৰ ৰাজহুৱা শুনানিৰ অনুষ্ঠানত চাউথ এচিয়ান ক্লাইমেট চেঞ্জ জাৰ্ণেলিষ্ট ফৰামৰ সভাপতি হিচাপে আশীষ গুপ্তক এই বঁটা প্ৰদান কৰা হয়।
অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে বাংলাদেশৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী এনামুল ৰহমানে।
Also Read: নিশাৰ ভূমিকম্পত এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আহতৰ সংখ্যা তিনি শতাধিকৰো অধিক...