পেৰিছত অগ্নিকাণ্ডঃ নিহত ৩জন

পেৰিছত অগ্নিকাণ্ডঃ নিহত ৩জন

author-image
Asomiya Pratidin
New Update
 পেৰিছত অগ্নিকাণ্ডঃ নিহত ৩জন

ডিজিটেল ডেস্কঃ পেৰিছত দেওবাৰে নিশা আঠমহলীয়া অট্টালিকাত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৩গৰাকী লোক নিহত হয়। অগ্নিকাণ্ডৰ কাৰণ এইপৰ্যন্তও স্পষ্টকৈ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ মতে, অট্টালিকাটোৰ সপ্তম মহলাত অগ্নিকাণ্ডটোৰ পূৰ্বেও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল।

Advertisment

অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয়ৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে। অগ্নিকাণ্ডৰ লগে লগে ততালিকে অট্টালিকাটোৰ কাষৰীয়া অট্টালিকাসমূহৰ আৱাসীসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। পৰিস্থিতি শাম কটাৰ পাছত আৱাসীসকল নিজ গৃহলৈ উভতি যায়। পেৰিছত বিগত কেইটামান বছৰত ঘটা এইটো তৃতীয়টো বৃহৎ অগ্নিকাণ্ড।

Also Read: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গহপুৰৰ নিৰ্বাচনী কাৰ্য্যসূচী বাতিল...

paris fire case