/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b15900de-bf20-4a89-b9ef-d627a91b2f73/amit_8.jpg)
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গহপুৰৰ নিৰ্বাচনী কাৰ্য্যসূচী বাতিল...
ডিজিটেল সংবাদ ছয়দুৱাৰ: শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গহপুৰৰ ঘাঁহিগাঁৱলৈ অহাৰ কাৰ্য্যসূচী শেহতীয়াভাবে বাতিল হৈছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে-কেন্দ্ৰীয় মন্ত্ৰীগৰাকী প্ৰথমে ৮ এপ্ৰিলত গহপুৰৰ ঘাহিগাঁও ষ্টেডিয়ামলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল যদিও পৰবৰ্তী সময়ত সেই কাৰ্য্যসূচী ৯ এপ্ৰিললৈ নিয়া হৈছিল।
ইয়াকে লৈ দলৰ নেতা কাৰ্যকৰ্তাসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছিল।কাৰণ যোৱা লোক সভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গহপুৰলৈ প্ৰধান মন্ত্রী নৰেন্দ্র মোডী আহিছিল আৰু এইবাৰ গৃহমন্ত্রীৰ আগমনৰ বতৰাই মনোবল বৃদ্ধি কৰি তুলিছিল দলীয় কৰ্মীসকলৰ।
ইপিনে অমিত শ্বাহৰ সভাৰ কোটিটকীয়া পেণ্ডেল বনাবৰ বাবে গুৱাহাটীৰ পৰাও আহিলছিল মানুহ।ইয়াৰ বাবে ঘনে ঘনে বহিছিল দলীয় বৈঠক। কিন্তু দেওবাৰে সন্ধিয়া পুনৰ খবৰ আহিল অমিত শ্বাহৰ ঘাঁহিগাঁৱৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।
প্ৰথমে ৮ এপ্ৰিল, তাৰ পিছত ৯ এপ্ৰিলতহে অমিত শ্বাহ আহিব বুলি প্ৰচাৰ চলাৰ অন্তত অমিত শ্বাহৰ কাৰ্য্যসূচী বাতিল হোৱাৰ পিছত এইবাৰ আহিছে এক নতুন খবৰ।উক্ত খবৰ অনুসৰি অহা ১০ এপ্ৰিলৰ দুপৰীয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাহে আহিব অমিত শ্বাহ আহিব বুলি পেণ্ডেল বনাই থকা ঘাহিগাঁও ষ্টেডিয়ামলৈ।