বাহনৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী অভিনেতাৰ মৃতদেহ...

বাহনৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী অভিনেতাৰ মৃতদেহ...

author-image
Asomiya Pratidin
New Update
বাহনৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী অভিনেতাৰ মৃতদেহ...

বাহনৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী অভিনেতাৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী অভিনেতাৰ নিথৰ দেহ উদ্ধাৰ হ'ল বাহনৰ ভিতৰত। এখন পাৰ্কত ৰখাই থোৱা বাহনৰ ভিতৰত অভিনেতাজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য।

Advertisment

উল্লেখ্য যে, দক্ষিণ কোৰিয়াৰ অভিনেতা লী চান-কিউনৰ মৃতদেহ এইদৰে উদ্ধাৰ হৈছে। জানিব পৰা মতে চিউলৰ এখন চাৰ্কত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।

লী চানৰ পত্নীয়ে আৰক্ষীক জনোৱা অনুসৰি তেওঁৰ ঘৰত এখন চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। লী চানৰ পত্নী জিয়ন হিজেনো এগৰাকী অভিনেত্ৰী। তেওঁলোকৰ আছে দুই সন্তান।

অভিনেতা লী চানৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাত তেওঁলোক আচৰিত পৰিছে। ইফালে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

দক্ষিণ কোৰিয়াৰ নেচনেল ইউনিভাৰ্চিটিৰ পৰা কলা বিভাগত স্নাতক আছিল লী চান। ২০০১ চনত তেওঁ টেলিভিশ্যন ছিৰিজ 'লাভাৰ্ছ'ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।

২০১৯ ত মুক্তি পাইছিল 'প্যেৰাছাইট'। এই ছবিখনে লাভ কৰিছিল অস্কাৰ। ছবিখনত লী চানে কৰা অভিনয়ে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। সেইদৰে জনপ্ৰিয়তাও লাভ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ অতিৰিক্ত মাদক দ্ৰৱ্য গ্ৰহণ কৰাৰ ফলত বহু কেইবাৰ বিপদতো পৰিছিল। যাৰ বাবে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ ওচৰত ক্ষমাও বিচাৰিছিল।

Also Read: কাজিৰঙাৰ সৌন্দৰ্যত মুগ্ধ জাৰ্মানীৰ য়েনচ পিটাচ...

অস্কাৰ