কাজিৰঙাৰ সৌন্দৰ্যত মুগ্ধ জাৰ্মানীৰ য়েনচ পিটাচ...

কাজিৰঙাৰ সৌন্দৰ্যত মুগ্ধ জাৰ্মানীৰ য়েনচ পিটাচ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ সৌন্দৰ্যত মুগ্ধ জাৰ্মানীৰ য়েনচ পিটাচ...

কাজিৰঙাৰ সৌন্দৰ্যত মুগ্ধ জাৰ্মানীৰ য়েনচ পিটাচ...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ প্ৰেমত মতলিয়া বিদেশী পৰ্যটক। কাজিৰঙাৰ নান্দনিক পৰিবেশত আহি আপোন পাহৰা হৈ পৰিছে জাৰ্মানীৰ এজন পৰ্যটক।

Advertisment

নাম য়েনচ পিটাচ। কাজিৰঙাৰ অন্যতম এগ্ৰ টুৰিজিম ফাৰ্ম ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পত নিশা অতিবাহিত কৰিছে বিদেশী পৰ্যটকজনে।প্ৰথমবাৰলৈ কাজিৰঙালৈ আহি কাজিৰঙাৰ নৈশৰ্গিক পৰিবেশত বিস্ময়াভিভূত পৰ্যটকগৰাকী।

ইতিমধ্যে তেওঁ চাৰিটাকৈ নিশা পাৰ কৰিছে ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি বিগ ফাইভ অৰ্থাৎ গঁড়, হাতী, বনৰীয়া ম'হ, বাঘ, দলহৰিণৰ দৰ্শন লাভ কৰিছে য়নেচ পিটাচে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বেজগাওঁৰ পৰ্যটন উদ্যোগী গোলাপ শিইকীয়াৰ ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পে কৃষি পৰ্যটনৰ ক্ষেত্ৰত ইতিমধ্যে দেশী-বিদেশী পৰ্যটকৰ পৰা সমাদৰ লাভ কৰিছে। কংক্ৰীটৰ পৃথিৱীৰ পৰা আতৰি সহজ-সৰল নিভাঁজ প্ৰাকৃতিক পৰিবেশত আহি সেয়েহ মন্ত্ৰমুগ্ধ হয় প্ৰতিগৰাকী পৰ্যটক।

পৰ্যটনৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ কেৱল একক প্ৰচেষ্টাত গোলাপ শইকীয়াই আৰম্ভ কৰা এই কৃষি পৰ্যটন ফাৰ্ম এতিয়া বিদেশী পৰ্যটকৰ প্ৰথম পচন্দ।

Also Read: তিতাবৰৰ মাধপুৰত শীতৰ সন্ধিয়া গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন...

কাজিৰঙা