এক লিটাৰ পেট্ৰলৰ দাম ২১৪, আটাৰ মূল্য ১৫০; ভয়ংকৰ আৰ্থিক সংকটত পাকিস্তান

এক লিটাৰ পেট্ৰলৰ দাম ২১৪ টকা।আনহাতে ডিজেলৰ দাম ২২৮ টকা। বৰ্তমান আটাৰ প্ৰতি কিলোগ্ৰাম ১৫০-১৬০ টকাত বিক্ৰী হৈ আছে। কিন্তু ইয়াৰ পৰিমাণ পুনৰ ১৭৫ টকালৈ বৃদ্ধি হ'ব পাৰে।
এক লিটাৰ পেট্ৰলৰ দাম ২১৪, আটাৰ মূল্য ১৫০; ভয়ংকৰ আৰ্থিক সংকটত পাকিস্তান

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত পাকিস্তানত ভয়ংকৰ আৰ্থিক সংকতে দেখা দিছে। ডলাৰৰ বিপৰীতে পাকিস্তানীৰ টকাৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। ডলাৰৰ মূল্য ২৪ টকা বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ পাকিস্তানী মূল্য হৈছে ২৫৫ টকা । গেছ, পেট্ৰ'ল ,খাদ্য সামগ্ৰী আদি সকলোতে বস্তুক অস্বাভাৱিক দাম বৃদ্ধি হৈছে।

বৰ্তমান সময়ত পাকিস্তানত এক লিটাৰ পেট্ৰ'লৰ দাম ২১৪ টকা।আনহাতে ডিজেলৰ দাম ২২৮ টকা।

ডিজেলৰ মূল্য বৃদ্ধিয়ে মালবাহী যান-বাহনৰ ওপৰত প্ৰভাৱ পেলাব আৰু অন্যান্য দৈনিক সামগ্ৰীৰ মূল্যও একে অনুপাতত বৃদ্ধি হ'ব পাৰে। আটাকে ধৰি খাদ্য সামগ্ৰী ইতিমধ্যে ব্যয়বহুল হৈ পৰিছে।

বৰ্তমান আটাৰ প্ৰতি কিলোগ্ৰাম ১৫০-১৬০ টকাত বিক্ৰী হৈ আছে। কিন্তু ইয়াৰ পৰিমাণ পুনৰ ১৭৫ টকালৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰোপৰি অন্য সামগ্ৰী বিদ্যৎ আদিতা মূল্য বৃদ্ধি হব পাৰে।

আৰু পঢ়ক: ঘিলামৰাত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা কোন এই দাম্ভিক প্ৰধান শিক্ষক?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in