ঘিলামৰাত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা কোন এই দাম্ভিক প্ৰধান শিক্ষক?

লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত ঘিলামৰা শিক্ষা খণ্ডত অৱস্থিত মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত এইগৰাকী শিক্ষকৰ দায়িত্ববোধহীনতা শুকুবাৰে পুনৰ প্ৰকট হ'ল।
ঘিলামৰাত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা কোন এই দাম্ভিক প্ৰধান শিক্ষক?

ডিজিটেল সংবাদ, ঢকুৱাখনা: পুনৰ বিতৰ্কত এগৰাকী প্ৰধান শিক্ষক । নাম বুদ্ধেশ্বৰ চুতিয়া । লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত ঘিলামৰা শিক্ষা খণ্ডত অৱস্থিত মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত এইগৰাকী শিক্ষকৰ দায়িত্ববোধহীনতা শুকুবাৰে পুনৰ প্ৰকট হ'ল।

কেৱল চৰকাৰী বেতনৰ বাবেহে প্ৰধান শিক্ষকৰ দৰে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ কুক্ষীগত কৰি ৰখা এইগৰাকী বুদ্ধেশ্বৰ চুতীয়াই তেওঁৰ কাণ্ডজ্ঞানহীনতা উন্মোচিত কৰিবলৈ হাতিয়াৰ হিচাপে এইবাৰ ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰৰ সম্ভ্ৰম স্বৰূপ ৰাষ্ট্ৰীয় পতাকাখনক । বৃহস্পতিবাৰে ৰাষ্ট্ৰজুৰি পালিত ৭৪ সংখ্যক গণৰাজ্য দিৱস এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়টো পালন হৈছিল ।

চৰকাৰী বিধি অনুসৰি প্ৰধান শিক্ষকজনে ৰাষ্ট্ৰীয় পতাকা  উত্তোলন কৰিলে ঠিকেই কিন্তু নিৰ্ধাৰিত সময়ত অৱনমন কৰিবলৈ আহৰি নহ'ল এইগৰাকী দায়িত্বহীন প্ৰধান শিক্ষকৰ । পৰিণতিত শুকুবাৰে পুৱা ৯-৫০ বজা পৰ্যন্ত বিদ্যালয় চৌহদত উৰি থাকিল দেশৰ স্বাভিমানৰ প্ৰতীক পতাকা।

আজি "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ পৰিদর্শন কালত পতাকাখন জন প্ৰাণীহীন বিদ্যালয় প্ৰাংগণত উৰি থকা প্ৰত্যক্ষ কৰা গ'ল। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সূৰ্য গগৈ আহি বিদ্যালয় চৌহদ খুলি চৌহদ নিকাকৰণ কৰা দেখা যায় যদিও পতাকাখনলৈ দৃষ্টি নিক্ষেপ নকৰি বিদ্যালয়ৰ প্ৰাংগণত বহু সময়লৈকে বেপৰোৱা ভাবে উৰুৱাই বাস্তৱিকতে চূড়ান্ত অপমান কৰিলে ৰাষ্ট্ৰীয় পতাকাক। এগৰাকী প্ৰধান শিক্ষকৰ এনে চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ বাবেই এনে অসংবিধানিক কাৰ্য সংঘটিত হোৱাত অঞ্চলটোৰ শিক্ষাসদী ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰ
শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰ

এইগৰাকী গুৰু গোঁসাই নমনা ,বেপৰোৱা প্ৰধান শিক্ষকে পূৰ্বেও বিভাগীয় নীতি নিৰ্দেশনালৈ পিঠি দি সীমাহীন উৰ্ধবাহু নৃত্য কৰি অহাৰ অভিযোগ বহুত  । প্ৰধানকৈ বিলমুখ সোৱণশিৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত এইখন বিদ্যালয়ত শিক্ষা বিভাগৰ নিৰ্দেশনা মতে যোৱা বর্ষৰ ৩০ ছেপ্টেম্বৰ আৰু ২৪ ডিচেম্বৰত আহ্বান কৰা শৈক্ষিক সভাত বিদ্যালয় প্ৰধান বুদ্ধেশ্বৰ চুতীয়াৰ লগতে  তেওঁৰ নিৰ্দেশত অন্যান্য সহকাৰী শিক্ষক ক্ৰমে ভুৱন গগৈ ,গিৰিশ চুতীয়া ,মৃদুল গগৈ ,মীনা কুমাৰী গোঁহাই , ডেইজী বুঢ়াগোহাঁই আদি সকলো শিক্ষক অনুপস্থিত থাকি কাৰ্যতঃ চৰকাৰী নিৰ্দেশনালৈ ভ্ৰূকুটি প্রদর্শন কৰে ।

বিভাগীয় নীতি নিৰ্দেশনালৈ পিঠি দি প্ৰধান শিক্ষক গৰাকীয়ে অব্যাহত ৰখা এনে দাম্ভিক আচৰণ সন্দৰ্ভত ৰাইজৰ অভিযোগৰ ভিত্তিত  ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কার্যালয়ে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সৰ্বশিক্ষা অভিযানৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰি স্পৰ্শকাতৰ বিষয়টো  অৱগত কৰিছিল ।

কিন্তু এনেবোৰ বিভাগীয় কার্যালয়ে ৰহস্যজনক ভাবে বিষয়টো গাপ দি কোনো ধৰণৰ অনুশাসনমূলক আৰু শাস্তি মূলক ব্যৱস্থা গ্ৰহণ নকৰিলে।  জিলা শিক্ষা বিষয়া সকলক বিশেষ ভাবে কাবু কৰি  আশীৰ্বাদপুষ্ট হৈ থকা এইগৰাকী প্ৰধান শিক্ষকে  শেহতীয়া ভাবে ৰাষ্ট্ৰীয় পতাকাকলৈ প্রদর্শন কৰা তুচ্ছ জ্ঞানৰ কি শাস্তি মূলক ব্যবস্থা বিভাগ আৰু মহকুমা প্ৰশাসনে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

অৱশ্যে স্থানীয় শিক্ষানুৰাগী ৰাইজে  পূৰ্বৰ দৰেই এইগৰাকী প্ৰধান শিক্ষকক এইবাৰৰ ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা  ধৃষ্টতাক সাধাৰণ আৰু লঘু অপৰাধ বুলিয়ে জিলা শিক্ষা বিভাগ আৰু  মহকুমা প্ৰশাসনে গণ্য কৰি এনে দুষ্কাৰ্যৰ পুনৰাবৃত্তি কৰিবলৈ প্ৰকাশ্যে অনুপ্ৰাণিত কৰিহে যাব বুলি অভিজ্ঞতালব্ধ মতামত পোষণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in