ধন পৰিশোধ কৰিব নোৱাৰা বাবে মালেছিয়াত জব্দ পাকিস্তানৰ বিমান

ধন পৰিশোধ কৰিব নোৱাৰা বাবে মালেছিয়াত জব্দ পাকিস্তানৰ বিমান

ডিজিটেল ডেস্কঃ মালেচিয়াত জব্দ পাকিস্তানৰ বিমান। পাকিস্তান আন্তৰ্জাতিক বিমান সেৱাৰ বোয়িং ৭৭৭ বিমানখন মালেছিয়া বিমান কৰ্তৃপক্ষই বৃহস্পতিবাৰে জব্দ কৰে।

বিভিন্ন সংস্থাৰ পৰা জানিব পৰা অনুসৰি, লীজ বিবাদৰ বাবে মালেছিয়া বিমান কৰ্তৃপক্ষই পাকিস্তানৰ বিমানখন জব্দ কৰে। ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে মালেছিয়া বিমান সংস্থাৰ পৰা ৪ নিযুত ডলাৰৰ বিনিময়ত পাকিস্তান বিমান কৰ্তৃপক্ষই লীজত লৈছিল।

কিন্তু উক্ত ধনৰাশিৰ প্ৰাপ্যৰ এটা অংশ পাকিস্তানে মালেছিয়া বিমান কৰ্তৃপক্ষক পৰিশোধ কৰিব নোৱাৰৰ বাবেই কুৱালামপুৰত বিমানখন জব্দ কৰা বুলি বিভিন্ন বাতৰি সংস্থাত প্ৰকাশ। উল্লেখ্য যে, উক্ত বিমানখন পূৰ্বেও মালেছিয়া বিমান কৰ্তৃপক্ষই জব্দ কৰিছিল।

অৱশ্যে, পাকিস্তান বিমান সংস্থাৰ পৰা পোৱা আশ্বাসৰ ভিত্তিত বিমানখন মুকলি কৰি দিছিল। ইয়াৰোপৰি শেহতীয়াকৈ জব্দ কৰা বোয়িং ৭৭৭ বিমানখনো মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ধন পৰিশোধ কৰিব নোৱাৰা বাবে মালেছিয়াত জব্দ পাকিস্তানৰ বিমান
মাহটোৰ ২০ দিনেই বিকল হৈ থাকে গোলাঘাট সমষ্টিৰ বেঙেনাখোৱা পানী যোগান আঁচনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in