মাহটোৰ ২০ দিনেই বিকল হৈ থাকে গোলাঘাট সমষ্টিৰ বেঙেনাখোৱা পানী যোগান আঁচনি

উল্লেখ্য যে,২০০৯-১০ বৰ্ষত এই পানী যোগান আঁচনিটোৱে উত্তম খোৱাপানী যোগান সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বঁটাও লাভ কৰিছিল ।

author-image
Asomiya Pratidin
New Update
মাহটোৰ ২০ দিনেই বিকল হৈ থাকে গোলাঘাট সমষ্টিৰ বেঙেনাখোৱা পানী যোগান আঁচনি

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ নিকটৱৰ্তী গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত বেঙেনাখোৱা পানী যোগান আঁচনি বিকলপ্ৰায় হৈ পৰাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । উল্লেখ্য যে,২০০৯-১০ বৰ্ষত এই পানী যোগান আঁচনিটোৱে উত্তম খোৱাপানী যোগান সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বঁটাও লাভ কৰিছিল ।

Advertisment

কিন্তু পৰিচালনা সমিতিৰ খামখেয়ালীৰ বাবে বৰ্তমান বেঙেনাখোৱা পানী যোগান আঁচনি বন্ধ হৈ পৰাৰ অভিযোগ উঠিছে । কিয়নো দীৰ্ঘদিন ধৰি পৰিচালনা সমিতিখনে ৰাইজক হিচাপ-পত্ৰ দাখিল কৰিব পৰা নাই । কাৰিকৰী বিভিন্ন অজুহাতত মাহটোৰ ১০ টা দিনো নিয়মীয়া খোৱাপানী যোগান ধৰিব নোৱাৰাত বেঙেনাখোৱা আৰু আমোলাপট্টিৰ প্ৰায় ৫০০ ৰো অধিক পৰিয়ালে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো ফল ধৰা নাই । স্থানীয় বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক এই ক্ষেত্ৰত বাস্তৱ ভূমিকা গ্ৰহণ কৰাৰ ৰাইজে আহ্বান জনাইছে ।

Also Read: পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল...