ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ

author-image
Asomiya Pratidin
New Update
ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক : অৱশেষত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু জনতাৰ পক্ষত থিয় হ'ল পাকিস্তানৰ উচ্চতম ন্যায়ালয় । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰিলে শুক্ৰবাৰে ।

Advertisment

এই সন্দৰ্ভত পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আতা বন্দিয়ালে দিয়া এক শুনানিত এই মন্তব্য কৰে যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই ন্যায়ালয়ৰ কোনো অনুমতি অবিহনে ইমৰান খানক বলপূৰ্বক গ্ৰেপ্তাৰ কৰি লৈ যোৱা কাৰ্য এক বেআইনী কাৰ্য আৰু ই ভৱিষ্যতে পাকিস্তানৰ নেছনেল একাউন্টেবিলিটি ব্যুৰ'ক এনে ক‍াৰ্যৰ পুনৰাবৃত্তিৰ বাবে উৎসাহ যোগাব । কেৱল এয়াই নহয় উচ্চতম ন্যায়ালয়ে দিয়া এক লিখিত নিৰ্দেশত এই কথাও সন্নিৱিষ্ট আছে যে, এনে কাৰ্যই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ন্যায়ৰ স্বাধীনতা খৰ্ব কৰিছে ।

উল্লেখ্য যে, ইমৰাণ খানক পাকিস্তানৰ পেৰা মিলিটেৰীয়ে মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই বলপূৰ্ব গ্ৰেপ্তাৰ কৰি নিছিল । এই গ্ৰেপ্তাৰৰ পাছতেই সমগ্ৰ দেশখনত প্ৰতিবাদৰ জুই পৰিলক্ষিত হৈছিল । প্ৰতিবাদৰ বাবে শতাধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ওপৰিও আৰক্ষীয়ে শীতল মস্তিষ্কৰে কেইবাজনো প্ৰতিবাদকাৰীক হত্যা কৰাৰ ভিডিঅ'ই সমগ্ৰ দেশ জোকাৰি গৈছিল । তেনে পৰিস্থিতিত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ অতিকৈ প্ৰয়োজনীয় হৈ পৰিছিল বিষয়টিত ।

দেশখনৰ উচ্চতম ন্যায়ালয়ৰ এই শুনানিৰ পাছত এতিয়া অপেক্ষা ইমৰাণ খান আৰু পাকিস্তানৰ ভৱিষ্যত সন্দৰ্ভত বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কি সিদ্ধান্ত লয় ।

Also Read: নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা চিমেন্ট ভৰ্তি ট্রাকৰ

imran khan pakistan