পুনৰ ৰে'ল দুৰ্ঘটনাঃ ৮ ডবা লাইনচ্যুত হোৱাত মৃত্যু ১৫ৰ বিপৰীতে আহত...

পুনৰ ৰে'ল দুৰ্ঘটনাঃ ৮ ডবা লাইনচ্যুত হোৱাত মৃত্যু ১৫ৰ বিপৰীতে আহত...

ডিজিটেল ডেস্কঃ দেওবাৰে দক্ষিণ পাকিস্তানত সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনাৰ ঘটনা। এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত হোৱাৰ ফলত কমেও ১৫ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৪০জনৰো অধিক লোক। এই ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।

দুৰ্ঘটনাত পতিত হোৱা ৰে'লখন হ'ল হাজাৰা এক্সপ্ৰেছ। কৰাচীৰ পৰা এবটাবাদলৈ যাত্ৰা কৰা ৰে'লখন দক্ষিণ সিন্ধু প্ৰদেশৰ নৱাবশ্বাহ চহৰৰ চাহাৰা ৰে'ল ষ্টেচনৰ ওচৰত লাইনচ্যুত হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। খবৰ অনুসৰি ৰে'লখনৰ ৮টা ডবা লাইনচ্যুত হয়।

উল্লেখ্য আহত লোকসকলক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ এখন সাহায্য ৰে'ল প্ৰেৰণ কৰিছে ৰে'ল বিভাগে। সামাজিক মাধ্যমত পোৱা ভিডিঅ' অনুসৰি দুৰ্ঘটনাত পতিত ৰে'লখনৰ পৰা খিৰিকি ভাঙি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যাত্ৰীসকলে।

পুনৰ ৰে'ল দুৰ্ঘটনাঃ ৮ ডবা লাইনচ্যুত হোৱাত মৃত্যু ১৫ৰ বিপৰীতে আহত...
তথ্য সংগ্ৰহৰ বাবে বন্যপ্ৰাণীৰ দেহত মাইক্ৰশ্বিপ সংস্থাপনত সফল CWRC

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in