
ডিজিটেল সংবাদ. কাজিৰঙাঃ তথ্য সংগ্ৰহৰ বাবে বন্যজন্তুৰ দেহত মাইক্ৰশ্বিপ সংস্থাপন কৰি সফলতা অৰ্জন কাজিৰঙাৰ চি ডব্লিউ আৰ চি (CWRC) কৰ্তৃপক্ষৰ ৷ কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চি ডব্লিউ আৰ চিৰ তৰহৰ পৰা বনত মুকলি কৰি দিয়া বন্যপ্ৰাণীৰ দেহত সংস্থাপিত কৰা হয় এই মাইক্ৰচিপ৷
বনত মুকলি কৰি দিয়া বন্যপ্ৰাণীৰ প্ৰয়োজন সাপেক্ষে তথ্য সংগ্ৰহ বা চিনাক্ত কৰণৰ বাবেই কৰা হয় এই ব্যৱস্থা ৷ বিশেষ ভাৱে জনাঞ্চলত বা মানুহৰ ঘৰত সোমোৱা সাপ, নাহৰফুটুকী আদি বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ পাছত সেই সাপডাল বা নাহৰফুটুকীটো পূৰ্বে উদ্ধাৰ কৰা হৈছিল নেকি সেই তথ্য চিকিৎসকে লাভ কৰে মাইক্ৰচিপৰ যোগেদি ৷
চি ডব্লিউ আৰ চিৰ চিকিৎসক ডাঃ ছামছুল আলিয়ে প্ৰকাশ কৰা মতে নাহৰফুটুকী, সাপৰ লগতে বিভিন্ন বন্যজন্তুৰ ক্ষেত্ৰত মুকলি কৰি দিয়াৰ পাছত তথ্য লাভ কৰি সফলতা অৰ্জন কৰিছে চি ডব্লিউ আৰ চি (CWRC) কৰ্তৃপক্ষই ৷