পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী…

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী…

author-image
asomiyapratidin
New Update
পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী…

ডিজিটেল ডেস্ক: আজি পাকিস্তানৰ বাবে বিশেষ দিন। আজিয়েই নিৰ্বাচিত হ'ব পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ। পাকিস্তানৰ নেছনেল এচেম্বলীৰ এখন বিশেষ সত্ৰই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব।

ইমাৰাণ খানৰ সমৰ্থক সকলে কৰা ৰেলীৰ বাবে সকলোকে ধন্যবাদ জনাই তেওঁ। ইমৰান খানে কয় যে পাকিস্তানত আমেৰিকা-সমৰ্থিত চৰকাৰ গঠনৰ বিৰোধীতা কৰাৰ বাবে আপোনালোকক ধন্যবাদ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তাম-মুছলিম-লিগ-নৱাজৰ অধ্যক্ষ ছহবাজ শ্বৰীফে ৰবিবাৰে নিজকে পাকিস্তানৰ প্ৰধামন্ত্ৰী পদৰ বাবে নামাংকণ কৰিছিল।এই ছাহবাজ শ্বৰীফই পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব বুলি একাংশই কৈছে।

ইমৰান খানত ইতিমধ্যে আস্থা ভোটৰ জৰিয়তে প্ৰধানমন্ত্ৰী পদৰ পৰা অপসৰণ কৰা হৈছে। অৱশ্যে পৰৱৰ্তী সময়ত গ'ম পোৱা যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোন হ'ব।

আৰু পঢ়ক: মহানগৰীত চাঞ্চল্য; দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ'ল এজনক…

shebaz sharif imran khan pakistan