ছাৰ্জিকেল ষ্ট্ৰাইকৰ নামত আফগান মহিলা, শিশুক হত্যা পাকিস্তানৰ !

পুৱতি নিশা চলোৱা আক্ৰমণত ৮ মহিলা, শিশু নিহত
ছাৰ্জিকেল ষ্ট্ৰাইকৰ নামত আফগান মহিলা, শিশুক হত্যা পাকিস্তানৰ !
ছাৰ্জিকেল ষ্ট্ৰাইকৰ নামত আফগান মহিলা, শিশুক হত্যা পাকিস্তানৰ !

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি ভাৰতৰ আভ্যন্তৰত বাৰে বাৰে আক্ৰমণেৰে নিৰিহৰ তেজেৰে ৰাঙলী কৰি বন্য উল্লাস কৰা পাকিস্তান এতিয়া নিজে পতা জালত নিজেই পৰিছে। সন্ত্ৰাসবাদীৰ ৰম্যভূমি পাকিস্তানতে সন্ত্ৰাসবাদীয়ে চলাইছে বিভিন্ন আক্ৰমণ।

এনে সন্ত্ৰাসবাদী গোটক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰা পাকিস্তানে এতিয়া উৰহৰ খং ভঙা ঢাৰীত জৰাৰ দৰে আচৰণ কৰিবলৈও আৰম্ভ কৰিছে। আফগানিস্তানত বাহৰ পাতি পাকিস্তানত আত্মঘাতী আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ নামত আফগানিস্তানৰ সাধাৰণ মহিলা, কিশোৰক হত্যা কৰিবলৈ আৰম্ভ কৰিছে পাক সেনাই। এই ঘটনা সংঘটিত হৈছে সোমবাৰে পুৱতি নিশা।

আফাগানিস্তানৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলালে পাক সেনাই। সোমবাৰে পুৱতি নিশা আফগানিস্তানৰ সীমান্ত অঞ্চলত নিৰ্বিচাৰে বোমা বৰ্ষণ কৰে পাক সেনাই। এই আক্ৰমণত অতি কমেও ৮ জনকৈ লোকৰ মৃত্যু হৈছে। তালিবান প্ৰশাসনে জনোৱা অনুসৰি মৃত ৮ গৰাকীয়েই মহিলা আৰু শিশু।

উল্লেখ্য যে, শনিবাৰে পাকিস্তানত আত্মঘাতী আক্ৰমণত প্ৰাণ নাশ হৈছিল অন্তত ৭ জনকৈ পাক সেনাৰ। এখন বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। এই বিস্ফোৰণৰ সমান্তৰালকৈ গুলীও চলাইছিল বুলি খবৰ প্ৰকাশ পাইছিল।

এই আক্ৰমণ খাইবাৰ পাখতুনখোৱাৰ উত্তৰ ৱাজিৰিস্তানত সংঘটিত হৈছিল। ইয়াৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আচিফ আলী জৰ্দাৰীয়ে সন্ত্ৰাসবাদীসকলক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে। তেওঁ মৃত সৈনিকসকলৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি পাকিস্তানে এই আক্ৰমণৰ প্ৰতিশোধ ল'ব বুলিও ঘোষণা কৰে।

তাৰ পাছতেই আফগানিস্তানৰ সীমান্তত সোমবাৰে পুৱতি নিশা পাক সেনাই ধাৰাবাহিক বোমা নিক্ষেপ কৰে। তালিবান প্ৰশাসনে দাবী কৰিছে পাকিস্তানে সাধাৰণ লোকক লক্ষ্য কৰি সাধাৰণ মানুহৰ বাসগৃহত বোমা নিক্ষেপ কৰিছে পাক সেনাই।

তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে এক বিবৃতিত কয়, সীমান্তৰ কাষৰ আৰু পক্তিকা প্ৰদেশত পাকিস্তানে বোমা বৰ্ষণ কৰিছে। স্থানীয় সময় অনুসৰি পুৱতি নিশা ৩ বজাত এই আক্ৰমণ হৈছে।

প্ৰাথমিকভাৱে এই আক্ৰমণত ৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। মৃত আটাইকেইগৰাকী মহিলা আৰু শিশু। এই আক্ৰমণক কঠোৰ নিন্দা কৰিছে তালিবান প্ৰশাসনে।

স্মৰ্তব্য যে, আফগান সীমান্তত সন্ত্ৰাসবাদীয়ে বাৰে বাৰে পাকিস্তানক বিপদত পেলাইছে। ২০২১ ত আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পাছৰ পৰাই বাৰে বাৰে পাক সীমান্তত আক্ৰমণ কৰিছে তালিবান বিদ্ৰোহীয়ে। পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ সময়তো ৰক্তাক্ত হৈছিল সীমান্তৰ একাধিক এলেকা। অৱশ্যে তালিবান প্ৰশাসনে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ অস্বীকাৰ কৰি আহিছে।

ছাৰ্জিকেল ষ্ট্ৰাইকৰ নামত আফগান মহিলা, শিশুক হত্যা পাকিস্তানৰ !
শৈশৱ দ্যা নেক্সট জেন স্মাৰ্ট স্কুল'ৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in