শৈশৱ দ্যা নেক্সট জেন স্মাৰ্ট স্কুল'ৰ শুভাৰম্ভ

শৈশৱ দ্যা নেক্সট জেন স্মাৰ্ট স্কুল'ৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত শিশু শিক্ষাৰ ক্ষেত্ৰত এক নতুন সংযোজন। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলটোৰ শিশুসকলৰ বাবে বৃহত্তৰ কাউলী অঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ হ'ল 'শৈশৱ দ্যা নেক্সট জেন স্মাৰ্ট নামৰ স্কুলৰ'।

সোমবাৰে এই শিক্ষানুষ্ঠানখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মূখ্য-সঞ্চালিকা পল্লৱী বৰুৱায়ে। অঞ্চলটোৰ তপন চক্ৰৱৰ্তী নামৰ লোকজনৰ প্ৰচেষ্টাত গঢ় লব ধৰা শিশু বিদ্যালয়খনত ভিন্ন ভংগী মাত্ৰাৰে শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে। শৈশৱ" নামৰ প্লে-স্কুলখনত অহা মাহৰ পৰাই চলিব নামভৰ্তি প্ৰক্ৰিয়া।

সমগ্ৰ বিটিআৰৰ ভিতৰতে প্ৰথম বাৰৰ বাবে কাউলীত হ'বলগীয়া অনুষ্ঠানকলৈ এতিয়া শিশু তথা নাবালকসকলৰ উৎকৃষ্ট শৈক্ষিক ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ হৈছে অঞ্চলটোৰ বহুজন অভিভাৱক তথা সৰ্বসাধাৰণৰ ৰাইজৰ মাজত। অসমৰ কেইবাটাও প্ৰান্তত 'শৈশৱ' নামৰ এই শিশু শিক্ষানুষ্ঠানখনে ইতিমধ্যে এক নতুন সংযোজন ঘটাই শিশু শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।

শৈশৱ দ্যা নেক্সট জেন স্মাৰ্ট স্কুল'ৰ শুভাৰম্ভ
বজালী আৰক্ষীৰ বৃহৎ সফলতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in