নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত বিস্ফোৰণ, প্ৰায় ২২ জনৰ মৃত্যু

নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত বিস্ফোৰণ, প্ৰায় ২২ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ সাধাৰণ নিৰ্বাচনৰ এদিন পূৰ্বে কঁপি উঠিল পাকিস্তান। দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি যায় দেশখন। বেলুচিস্তানত সংঘটিত বিস্ফোৰণত বৰ্তমানলৈ প্ৰায় ২২ জন নিহত হোৱাৰ লগতে ৪০ জনৰো অধিক আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰথম বিস্ফোৰণতো পিছিন জিলাত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ দলীয় কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয়, য'ত প্ৰায় ১৪ জন লোক নিহত হয়। দ্বিতীয়টো বিস্ফোৰণত কিল্লাহ ছাইফ উল্লাহ জিলাত সংঘটিত হয়। য'ত প্ৰায় ৮ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। আৰক্ষীয়ে জনোৱা মতে বেগৰ ভিতৰত টাইম বোম ৰখা হৈছিল। এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

এই বোমা বিস্ফোৰণৰ ফলত গাড়ী-মটৰ আন সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই বোমা বিস্ফোৰণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত সাধাৰণ জনতাৰ মাজত শংকা বৃদ্ধি পাইছে।

নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত বিস্ফোৰণ, প্ৰায় ২২ জনৰ মৃত্যু
নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in