নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মূৰ্মূৰ ভাষণত ধন্যবাদ প্ৰস্তাৱ আগবঢ়ায়। এই ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে বাবাচাহেব নাথাকিলে সংৰক্ষণ উপলব্ধ নহ'লহেতেন। পণ্ডিত জৱহাৰলাল নেহৰু সংৰক্ষণৰ বিৰোধী আছিল।

লগতে কয়, কংগ্ৰেছে কেতিয়াও আম্বেদকাৰক ভাৰত ৰত্নৰ যোগ্য বুলি নাভাবিলে। তেওঁলোকে আমাক উপদেশ দিয়ে। যি কংগ্ৰেছৰ নিজৰ নেতাৰ বাবে গেৰান্টী নাই, নিজৰ নীতিৰ কোনো গেৰান্টী নাই সেই কংগ্ৰেছে মোডীৰ গেৰান্টীৰ ওপৰত প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, মই সন্মান সহকাৰে নেহৰুজীক স্মৰণ কৰিছো। এবাৰ নেহৰুজীয়ে মুখ্যমন্ত্ৰীসকললৈ এখন পত্ৰ লিখিছিল। তেওঁ সেই পত্ৰখনত লিখিছিল- মই কোনো সংৰক্ষণ ভাল নাপাও। বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ কেতিয়াও পচন্দ নকৰো। মই সেই সকলো পদক্ষেপৰ বিৰোধী যিয়ে দক্ষ সকলৰ বিপৰীতে অদক্ষসকলক প্ৰতিনিধিত্ব কৰে। তেওঁ কৈছিল যে যদি অনুসূচীত জাতি-জনজাতি, অ'বিচিয়ে সংৰক্ষণ লাভ কৰে, তেন্তে চৰকাৰী কামৰ স্তৰ তললৈ নামি যাব ।

নেহৰুৱে সেই পত্ৰত কৈছিল- মই ভাৰতক সকলো ক্ষেত্ৰতে এক প্ৰথম শ্ৰেণীৰ ৰাষ্ট্ৰ হিচাপে চাব বিচাৰো। যেতিয়াই আমি দ্বিতীয় শ্ৰেণীক উৎসাহিত কৰিম লগে লগে আমি পৰাজয় হম।

নেহৰুৱে কৈছিল যে পিছপৰা শ্ৰেণীসকলক সহায় কৰাৰ একমাত্ৰ উপায় হ'ল তেওঁলোকক শিক্ষাৰ বাবে ভাল সুযোগ দিয়া। কিন্তু যদি আমি ধৰ্ম আৰু জাতিৰ আধাৰত সংৰক্ষণৰ ব্যৱস্থা কৰো তেন্তে আমি সক্ষম লোকসকলক হেৰুৱাম।

মোডীয়ে লগতে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, নেহৰুৰ প্ৰতিটো কথা কংগ্ৰেছৰ বাবে শিলৰ ৰেখা। আপোনালোকৰ কামেই আপোনালোকৰ মনোভাৱৰ পৰিচয় দিয়ে। তাৰ এটা সৰু উদাহৰণ জম্মু-কাশ্মীৰৰ পৰাই দিব পাৰি। কংগ্ৰেছে জম্মু-কাশ্মীৰৰ অনুসূচীত জাতি-জনজাতি, অ'বিচিকসকলক ৭ দশক ধৰি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।

নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...
ৰেলৰ খুন্দাত নিহত মৰাণ ITIৰ এজন ছাত্র

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in