তীব্ৰ অৰ্থনৈতিক সংকটত পাকিস্তান, যিকোনো মুহুৰ্ততেই খহি পৰিব পাৰে অৰ্থনীতি

তীব্ৰ অৰ্থনৈতিক সংকটত পাকিস্তান, যিকোনো মুহুৰ্ততেই খহি পৰিব পাৰে অৰ্থনীতি

ডিজিটেল ডেস্ক : ভয়ংকৰ অৰ্থনৈতিক সংকটত পাকিস্তান । দেশ এখন সুকলমে চলাই নিবলৈ যি সুস্থিৰ অৰ্থনীতিৰ প্ৰয়োজন সেইয়া যেন বৰ্তমান নাই পাকিস্তানৰ । আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালকেও আঙুলিয়াই দিলে সেই কথাকে । অতি শীঘ্ৰেই পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাক সুস্থিৰ কৰি তোলাৰ নিৰ্দেশো দিলে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে । অৱশ্যে প‍াকিস্তানৰ এই অৱস্থা সন্দৰ্ভত কেৱল সকিয়নিয়েই নহয় বৰং পৰামৰ্শও আগবঢ়ালে সংস্থাটোৱে ।

পাকিস্তানৰ যিসকলে লোকে ব্যক্তিগত অথবা চৰকাৰী খণ্ডত অধিক উপাৰ্জন কৰি আছে সেই সকল লোকে দেশলৈ অধিক অৱদান আগবঢ়াব পৰাকৈ আয়কৰ বৃদ্ধি কৰিবলৈ কৈছে সংস্থাটোৱে । আনহাতে, অপ্ৰয়োজনীয় লোকসকলৰ নাম হিত‍াধিকাৰী আচনি পৰা আতৰাই প্ৰকৃত প্ৰয়োজনীয় লোকসকলক হে আচনিৰ আওতালৈ আনিবও কোৱা হৈছে । এই ক্ষেত্ৰত সংস্থাটোৰ পৰিচালন সঞ্চালক গৰাকীৰ ভাষ্য অনুসৰি, তেওঁলোকে পাকিস্তানৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলে কোনো অসুবিধা অনুভৱ নকৰাটোৱেই বিচাৰে ।

উল্লেখ্য যে, হিতাধিকাৰী আচনিৰ অপব্যৱহাৰ কেৱল পাকিস্তানতেই নহয় বৰং ভাৰততো হৈ আহিছে । তেনেস্থলত সময় থাকোতেই কঠোৰ নহ'লে অনতি পলমে হয়তো চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ দৰে ভাৰততো দেখা দিব পাৰে অৰ্থনৈতিক সংকটে ।

তীব্ৰ অৰ্থনৈতিক সংকটত পাকিস্তান, যিকোনো মুহুৰ্ততেই খহি পৰিব পাৰে অৰ্থনীতি
বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in