বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন...

বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ফাকুৱাৰ প্ৰাক মুহূৰ্তত দেওবাৰে বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত তথা একল বিদ্যালয়ৰ সহযোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন কৰা হয়। আগন্তুক মঙলবাৰে ফাল্গু পূৰ্নিমা। ফাকুৱাৰ প্ৰাক ক্ষণত বটদ্ৰৱাত সম্প্ৰতি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত বটদ্ৰৱাৰ একল বিদ্যালয়ৰ কণ কণ শিশু সকলৰ মাজত আজি প্ৰাক হোলী উদযাপনেৰে এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয়।

বটদ্ৰৱাৰ ভেটিয়নী প্ৰাথমিক বিদ্যালয় প্ৰসংগত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মাৰোৱাৰী মহিলা সন্মিলনৰ জেষ্ঠ কাৰ্যকতা মনিতা মিত্তালে। একল বিদ্যালয়ৰ বটদ্ৰৱা সঞ্চৰ প্ৰমুখ তৃতীষা ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত কণকণ শিশু সকলে প্ৰাৰ্থনা, সৰস্বতী বন্দনা, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, কবিতা আবৃত্তি আদি মনোমোহা অনুষ্ঠান পৰিবেশন কৰে।

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ নগাঁও শাখাৰ সদস্যা ক্ৰমে শালিনী বগৰীয়া, সংগীতা গোৱেংকা, কুমুদ লোহীয়া, ৰিংকু গিডৰীয়া, অঞ্জু জাজোদীয়া, একল বিদ্যালয়ৰ আচাৰ্যা মমতা শইকীয়াই, সংগীতা বৰদলৈকে আদি কৰি একল বিদ্যালয় সমিতিৰ সদস্য সকল উপস্থিতিত অনুুষ্ঠিত অনুষ্ঠানটিত কণকণ শিশু সকলক ফাকুৱাৰ ফিচকাৰী, ৰং, মিঠাইৰ টোপোলা আদি বিভিন্ন সামগ্ৰী বিতৰণৰ কৰে।

বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন...
শাসনাধিষ্ঠ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ, প্ৰধানমন্ত্ৰীলৈ চিঠি ৮ দলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in