হিংসা জৰ্জৰ পাকিস্তানঃ ৮ জনৰ মৃত্যু, গ্ৰেপ্তাৰ ১০০০ ৰো অধিক, ভাঙি চুৰ-মাৰ চৰকাৰী কাৰ্যালয়...

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান গ্ৰেপ্তাৰ হোৱাৰ পাছতেই দেশখনত অস্থিৰতাই বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
হিংসা জৰ্জৰ পাকিস্তানঃ ৮ জনৰ মৃত্যু, গ্ৰেপ্তাৰ ১০০০ ৰো অধিক, ভাঙি চুৰ-মাৰ চৰকাৰী কাৰ্যালয়...

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান গ্ৰেপ্তাৰ হোৱাৰ পাছতেই দেশখনত অস্থিৰতাই বিৰাজ কৰিছে। গৃহযুদ্ধৰ উকমুকনিৰ সৃষ্টি হৈছে দেশখনত। পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে ৯ মে' দেশৰ বাবে 'ক'লা অধ্যায়' হিচাপে গণ্য কৰিছে।

Advertisment

মঙলবাৰে নেচনেল একাউন্টবিলিটি ব্যুৰই ইমৰাণ খাানক ৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতেই দেশ খনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশখন। চৰকাৰী কাৰ্যলয়, ৰাজভৱন আদি ভাঙি পেলোৱা হৈছে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহতো প্ৰৱেশৰ চেষ্টা চলাইছিল যদিও নিৰাপত্তাৰক্ষীয়ে সেই চেষ্টা বিফল কৰে।

চৰকাৰী তথ্য অনুসৰি প্ৰতিবাদত বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ৮ জন লোকে। কিন্তু ইমৰাণ খানৰ দল পিটিআই(পাকিস্তান তহৰিক ই ইনছাফ)ৰ মতে এই হিংসাত্মক কাৰ্যকালাপত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে বহুলোক। বৰ্তমান পৰ্যন্ত ১০০০তকৈ অধিক লোক গ্ৰেপ্তাৰ হৈছে। এই পৰিস্থিতিৰ বাবে দেশৰ স্কুল-কলেজ সমূহ বন্ধ কৰি দিয়া হৈছে লগতে কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা।

আনহাতে ইমৰাণ খানৰ অধিবক্তাই কয় যে খানক হত্যাৰ পৰিকল্পনা কৰা হৈছে। ইমৰাণ খানৰ লগত কথা পতাৰ পাছত অধিবক্তাই কৈছে যে, ইমৰান খানে বুকুৰ বিষৰ অভিযোগ কৰিছে। অধিবক্তাসকলে দাবী কৰিছে যে ইমৰান খানক ইনচুলিন ঔষধ দিয়া হৈছে। যাৰ দ্বাৰা হাৰ্ট এটেক আহিব পাৰে।

অভিযোগ অনুসৰি ইমৰাণ খানত এটা সৰু আৰু লেতেৰা কোঠাত ৰখা হৈছে। তেওঁক বহু সময়লৈকে খাবলৈ দিয়া নাছিল।

উল্লেখ্য য়ে, আল-কাদিৰ বিশ্ববিদ্যালয়ৰ গোচৰত বহু বিলিয়ন টকাৰ কেলেংকাৰী আৰু ধন ৰপ্তানিৰ অভিযোগ আছে ইমৰাণ খানৰ বিৰুদ্ধে।

Also Read: ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?

imran khan pakistan